হঠাতে কিয় নোহোৱা হ’ল ভাৰতীয় প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি বেটছমেন বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট? বৃহস্পতিবাৰে নিশা একাউণ্টো নোহোৱা হোৱাক লৈ আৰম্ভ হৈছে চৰ্চা।
২৯ জানুৱাৰীৰ নিশা হঠাতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা নোহোৱা হ’ল টিম ইণ্ডিয়াৰ ডেছিং বেটছমেন বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট।
২৭ কোটি (২৭ কোটি)তকৈ অধিক অনুসৰণকাৰী থকা বিৰাট কোহলীৰ ভেৰিফাইড একাউণ্টো যেতিয়া চাৰ্চ কৰা হৈছিল, তেতিয়া ‘Profile isn’t available’ বুলি দেখুৱাইছিল, ইয়াৰ পিছতে সামাজিক মাধ্যমত এক ব্যাপক চৰ্চা আৰম্ভ হৈছে।

বিৰাট কোহলীৰ অনুৰাগীসকল বিমোৰত পৰিছে যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টটো ডিলিট কৰিলে নে স্থগিত ৰখা হ’ল।
কোহলীয়ে ইনষ্টাগ্ৰামত দীৰ্ঘদিন ধৰি কেৱল ক্ৰিকেট আপডেটেই নহয় বিৰাট আৰু অনুষ্কাৰ বহু ব্যক্তিগত মুহূৰ্তও শ্বেয়াৰ কৰিছিল। এনে পৰিস্থিতিত একাউণ্টটো হঠাতে নোহোৱা হোৱাটোৱে অনুৰাগীক স্তম্ভিত কৰিছে।
অৱশ্যে এই সমগ্র বিষয়টোক লৈ বিৰাট কোহলী, তেওঁৰ মেনেজমেণ্ট টিম বা ইনষ্টাগ্ৰামৰ কোনো আনুষ্ঠানিক বিবৃতি প্রকাশ কৰা নাই৷ এনে পৰিস্থিতিত একাউণ্টটো ইচ্ছাকৃতভাৱে নিষ্ক্ৰিয় কৰা হৈছে নে ইয়াত কিবা কাৰিকৰী সমস্যা আছে সেয়া স্পষ্ট নহয়।
লগতে পঢ়ক: ‘অৰিজিৎ সিঙে সকলো এৰি দিয়া নাই সত্যক বাছি লৈছে’; মহেশ ভাট









