জম্মু-কাশ্মীৰৰ ডোডা জিলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।দ’ খাৱৈত বাগৰি পৰিল দেশ মাতৃৰ সেৱাত নিয়োজিত সেনা জোৱানৰ বাহন।
জম্মু-কাশ্মীৰৰ ডোডাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে জোৱান কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাটোত ১০ জন জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাজনো জোৱান গুৰুতৰ ভাৱে আহত হৈছে।
সেনা বিষয়াসকলে জনোৱা মতে, বৃহস্পতিবাৰে ১৭ জন জোৱান কঢ়িয়াই অনা সেনাৰ এখন বাহন পাহাৰৰ দুৰ্গম এটা অঞ্চলত অৱস্থিত এটা পোষ্টৰ ফালে গৈ আছিল, তেতিয়াই ডোডাৰ ভদৰৱাহ-চাম্বা আন্তঃৰাজ্যিক পথ এলেকাত অৱস্থিত খানি টপৰ ওচৰত সেনাৰ এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট দ’ খাৱৈত বাগৰি পৰে।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে সেনা আৰু আৰক্ষীৰ যৌথ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে।স্থানীয় লোকেও আৰক্ষী আৰু উদ্ধাৰকাৰী দলক সহায় কৰিবলৈ আগবাঢ়ি আহে।
উদ্ধাৰ অভিযানত ১০ জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হয়।আহত জোৱানকেইজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আন কেইজন জোৱানৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে।
লগতে পঢ়ক: অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা, ১০০০ ফুট তললৈ বাগৰিল শ্ৰমিক কঢ়িওৱা ডাম্পাৰ









