গ্ৰীণলেণ্ডৰ বাবে ডেনমাৰ্কত বৃদ্ধি পাইছে উত্তেজনা; বহু চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ

গ্ৰীণলেণ্ডৰ বাবে ডেনমাৰ্কত বৃদ্ধি পাইছে উত্তেজনা; বহু চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ

আমেৰিকাই গ্ৰীণলেণ্ড সন্দৰ্ভত দিয়া বক্তব্যৰ বাবেই এতিয়া ডেনমাৰ্কত বৃদ্ধি পাইছে উত্তেজনা। বহু চহৰত সাব্যস্ত কৰিছে প্ৰতিবাদ। ডেনমাৰ্কৰ কেইবাখনো চহৰত আমেৰিকাৰ হেঁচা আৰু গ্ৰীণলেণ্ড সন্দৰ্ভত দিয়া বক্তব্যৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ প্ৰতিবাদৰ সাব্যস্ত কৰা হয়। ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনৰ চিটি হল চৌহদত দুপৰীয়া প্ৰায় ১২ মানত বৃহৎ সংখ্যক

আমেৰিকাই গ্ৰীণলেণ্ড সন্দৰ্ভত দিয়া বক্তব্যৰ বাবেই এতিয়া ডেনমাৰ্কত বৃদ্ধি পাইছে উত্তেজনা। বহু চহৰত সাব্যস্ত কৰিছে প্ৰতিবাদ।

ডেনমাৰ্কৰ কেইবাখনো চহৰত আমেৰিকাৰ হেঁচা আৰু গ্ৰীণলেণ্ড সন্দৰ্ভত দিয়া বক্তব্যৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ প্ৰতিবাদৰ সাব্যস্ত কৰা হয়।

ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনৰ চিটি হল চৌহদত দুপৰীয়া প্ৰায় ১২ মানত বৃহৎ সংখ্যক লোক সমবেত হয়।ইয়াৰ পিছত প্ৰতিবাদকাৰীসকলে প্ৰায় দুই কিলোমিটাৰমান মাৰ্কিন দূতাবাসৰ দিশে যাত্ৰা কৰে।

ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ড দুয়োখন দেশৰ লোকে এই বিক্ষোভত অংশগ্ৰহণ কৰিছিল। বহু প্ৰতিবাদকাৰীয়ে ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ পতাকা লৈ আহিছিল।

ডেনমাৰ্কৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি একেধৰণৰ প্ৰতিবাদ আৰহোছ,অডেন্স আৰু আলবৰ্গৰ দৰে আন চহৰতো প্ৰতিবাদ সাব্যস্ত হৈছিল বা পৰিকল্পনা কৰা হৈছিল।

ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে গ্রীনলেণ্ড বিষয়ত আমেৰিকা, ডেনমাৰ্ক, নৰৱে, ছুইডেন, ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন, নেদাৰলেণ্ড আৰু ফিনলেণ্ডৰ পৰা অহা সকলো সামগ্ৰীৰ ওপৰত ১ ফেব্ৰুৱাৰীৰ পৰা ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।

ট্ৰাম্পে কয় যে ১ জুনৰ পৰা এই শুল্ক ২৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব।তেওঁ ছ’চিয়েল মিডিয়াত কয় যে এই শুল্ক তেতিয়ালৈকে প্ৰযোজ্য হৈ থাকিব,যেতিয়ালৈকে গ্ৰীণলেণ্ড ক্ৰয়ৰ চুক্তি নহয়।

লগতে পঢ়ক: ব্ৰিটেইনৰ সংসদত প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ ‘কামসূত্ৰ’ৰ উদাহৰণ; হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি

শেহতীয়া প্ৰৱন্ধসমূহ