বক্স অফিচত মুখ ঠেকেচা খালে কাৰ্তিক আৰ্য়ানৰ নতুন ছবি ‘তু মেৰী মে তেৰা, মে তেৰা তু মেৰী’ এ। যাৰ বাবে ছবি নিৰ্মাতাক কাৰ্তিক আৰ্য়ানে ঘূৰাই দিলে ১৫ কোটি টকা
কাৰ্তিক আৰ্য়ানৰ ছবি ‘তু মেৰী মে তেৰা, মে তেৰা তু মেৰী’ এ বক্স অফিচত ভাল ফলাফল দেখাব নোৱাৰিলে। অনন্যা পাণ্ডে আৰু কাৰ্তিক আৰ্য়ান ৰোমাঞ্চ দৰ্শকৰ বাবে মনোৰঞ্জনধৰ্মী যেন নালাগিল।
তাৰ মাজতে কাৰ্তিক আৰু কৰণ জোহৰৰ মাজত বিবাদৰ খবৰও পোহৰলৈ আহিছে। জানিব পৰা মতে,কাৰ্তিক আৰ্য়ানে নিজৰ মাচুলৰ এক বৃহৎ অংশ ৰেহাই দিছে।যাতে চিনেমাখনৰ বিফলতাত ছবি নিৰ্মাতাসকলক সহায় কৰিব পাৰো।
জানিব পৰা মতে,ধৰ্ম প্ৰডাকচনৰ এই ছবিখন মুক্তি পোৱাৰ লগে লগে কাৰ্তিকে তেওঁৰ নিৰ্দিষ্ট মাচুলৰ পৰা ১৫ কোটি টকা ৰেহাই দিছিল।
অভিনেতা গৰাকীয়ে সেই সিদ্ধান্ত এনে সময়ত লৈছে যি সময়ত বহু হিন্দী ছবিয়ে ছবিগৃহত সংগ্ৰাম কৰি আছে। এনে পৰিস্থিতিত অভিনেতাজনে উদ্যোগটোৰ সমৰ্থনত নিজৰ মাচুল কৰ্তন কৰে।কাৰ্তিক আৰ্য়ানৰ এই সিদ্ধান্তক উদ্যোগটোৰ লোকে প্ৰশংসা কৰিছে।
কিন্তু ইয়াৰ মাজতে কাৰ্তিক আৰ্য়ান আৰু কৰণ জোহৰৰ মাজত কাজিয়াৰ কথায়েও চৰ্চা লাভ কৰিছে। অৱশ্যে দুয়োগৰাকীৰ টীমে এই খবৰক মিছা বুলি কৈছে।
লগতে পঢ়ক: অৱশেষত হানী সিঙে দিল্লীবাসীক খুজিলে ক্ষমা; ক’লে প্ৰকৃত কাৰণ









