দিল্লীৰ ঠাণ্ডা সন্দৰ্ভত হানী সিঙে এক অশ্লীল মন্তব্য কৰিছে। যি মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে।
জনপ্ৰিয় কণ্ঠশিল্পী হানী সিঙে নিজৰ এটা শ্ব’ৰ সময়ত দিয়া বক্তব্যৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছে।ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত হানী সিঙে দিল্লীৰ ঠাণ্ডাক লৈ আপত্তিজনক বক্তব্য দিছে,ইয়াৰ পিছতে তেওঁক ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হৈছে।অযোধ্যাৰ সন্তসকলে হানী সিঙৰ এই বক্তব্যত আপত্তি কৰি তেওঁক সমাজৰ বাবে কলংক বুলি অভিহিত কৰে।
হানী সিঙৰ ক্ষেত্ৰত অযোধ্যাৰ সীতাৰাম দাস মহন্তই কয় যে,দিল্লীৰ ঠাণ্ডা সন্দৰ্ভত হানি সিঙে যিদৰে বক্তব্য দিছে,তেওঁক যিমানে নিন্দা কৰা যায় সেয়া কম হ’ব।তেওঁৰ এই বক্তব্য আপত্তিজনক আৰু নিন্দনীয়।
কণ্ঠশিল্পীগৰাকীয়ে নিজৰ অনুষ্ঠানৰ সময়ত দিল্লীবাসীৰ আৱেগক আঘাত দিছে,তেওঁ শীঘ্ৰেই দিল্লীবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে।
এজন গায়কৰ কাম হ’ল ভাল গান গোৱা, কিন্তু হানি সিঙে সকলো সীমা অতিক্ৰম কৰিছে, তেওঁ অশ্লীলতা বিয়পাইছে যিটো সহনশীলতাৰ বাহিৰত।হানী সিং সমাজৰ বাবে কলংক।
তেওঁ লগতে কয় যে, হানী সিঙে যি সময়ত মঞ্চত সেই অশ্লীল মন্তব্য কৰি আছিল, দৰ্শকে সেই সময়তে তেওঁক পাঠ শিকাব লাগিছিল।
তেওঁ এজন বিখ্যাত গায়ক, কিন্তু তেওঁৰ জ্ঞানৰ অভাৱ।সস্তীয়া জনপ্ৰিয়তা আৰু ধনৰ বাবে এই লোকসকলে সমাজখনক লেতেৰালৈ ঠেলি দিব পাৰে।মাতৃ-ভগ্নীৰ বাবে তেওঁ ব্যৱহাৰ কৰা শব্দবোৰ সম্পূৰ্ণ নিন্দনীয়। তেওঁ দিল্লীৰ সমাজৰ ওচৰত ক্ষমা খুজিব লাগে।
লগতে পঢ়ক: বিপদত থালাপথী বিজয়ৰ অন্তিমখন ছবি ‘জন নায়কন’; ন্যায়ালয়ে দিব ৰায়দান









