থাইলেণ্ডত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । চলন্ত ৰে’লৰ ওপৰত পৰিল এখন ক্ৰেন। বৰ্তমানলৈকে ২২ গৰাকীকৈ যাত্ৰী নিহত হয়।
থাইলেণ্ডত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে।চলন্ত ৰে’লৰ ওপৰত পৰিল এখন ক্ৰেন। দুৰ্ঘটনাটোৰ ফলত ২২ গৰাকী যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে ৩০ তকৈ অধিক লোক আহত হয়।
জানিব পৰা মতে, এই দুৰ্ঘটনাটো বুধবাৰে পুৱা ৰাজধানী বেংককৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত ছিখিঅ’ জিলাত সংঘটিত হয়।
দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ৰে’লখন উবন ৰাটচাথানি প্ৰদেশ অভিমুখে গৈ আছিল। দুৰ্ঘটনাটোৰ ফলত যাত্ৰীবাহী ৰেলখন ৰেলপথৰ পৰা বাগৰি পৰে।
খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে বুলি জানিব পাৰে।
লগতে পঢ়ক: চৰকাৰ বিৰোধী প্ৰতিবাদত জ্বলিছে ইৰাণ… হিংসাত্মক ঘটনাত ৫৩৮ জনৰ মৃত্যু









