নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্রথমখন খেলত জয়লাভ কৰাৰ পিছতে আৱেগিক হৈ পৰে বিৰাট কোহলী। ভগৱানক বিৰাট কোহলীয়ে দিলে ধন্যবাদ।
নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্রথমখন খেলত ভাৰতীয় দলটোৱে ৪ উইকেটত জয়লাভ কৰে৷১১ জানুৱাৰী (দেওবাৰ)ত বড়োদাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় দলটোৱে জয় সাব্যস্ত কৰে।
এই জয়ৰ সৈতে ভাৰতীয় দলটোৱে শৃংখলাত ১-০ত অগ্ৰগতি লাভ কৰে।এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল ১৪ জানুৱাৰীত ৰাজকোটত অনুষ্ঠিত হ’ব।
বড়োদাৰ এদিনীয়াত ভাৰতৰ জয়ৰ ক্ষেত্ৰত বিৰাট কোহলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিৰাট কোহলীয়ে ৯১টা বলত ৮টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৯৩ ৰান সংগ্ৰহ কৰে।
এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে বিৰাট কোহলীক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।এদিনীয়া খেলত ৪৫ সংখ্যক বাৰৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কোহলীয়ে।
মেচৰ শেষত বিৰাট কোহলীয়ে কয় যে,”সঁচা কথা ক’বলৈ গ’লে মোৰ একেবাৰেই কোনো ধাৰণা নাই যে মই কিমানটা প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰিছো? মাত্ৰ গুৰুগ্ৰামত থকা মালৈ সকলো ট্ৰফী পঠাই দিওঁ”।
“তেওঁ সেইবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ ভাল পায়।যদি মই মোৰ সমগ্ৰ যাত্ৰাটোলৈ উভতি চাওঁ,তেন্তে এইটো মোৰ বাবে সপোনতকৈ কম নহয়”।
“মোৰ সামৰ্থ্যৰ ওপৰত সদায় আস্থা আছিল,কিন্তু মই এইটোও জানিছিলোঁ যে এই খিনি পাবলৈ হলে বহুত কষ্টৰ প্ৰয়োজন হ’ব।ভগৱানে মোক যিমান দিছে সেয়া আশা কৰাতকৈও অধিক”।
“মই কেতিয়াও মাইলৰ খুঁটিৰ কথা নাভাবো।মই মোৰ যাত্ৰাক অতি কৃপা আৰু কৃতজ্ঞতাৰে উভতি চাওঁ আৰু ইয়াৰ বাবে মই অতি গৌৰৱান্বিত।”
লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক কৃতিত্বৰ অধিকাৰী হ’ল বিৰাট কোহলী, ৰচিলে ইতিহাস









