ইৰাণৰ ৰাজপথত খোমেইনী মূৰ্দাবাদ ধ্বনি… বহু ঠাইত হিংসাৰ সূত্ৰপাত

ইৰাণৰ ৰাজপথত খোমেইনী মূৰ্দাবাদ ধ্বনি… বহু ঠাইত হিংসাৰ সূত্ৰপাত

ইৰাণৰ গভীৰ অৰ্থনৈতিক সংকটে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে আৰু দেশখনৰ বহু অঞ্চলত ব্যাপক প্ৰতিবাদৰ সূচনা হৈছে । চতুৰ্থটো দিনত এই প্ৰতিবাদে ক্ৰমান্বয়ে ব্যাপক ৰূপ লৈছে । শেহতীয়ীকৈ ইৰাণ কেইবাদিনো ধৰি ব্যাপক প্ৰতিবাদৰ সাক্ষী হৈছে । চৰকাৰী নিৰ্দেশৰ বিৰুদ্ধে এই দেশখনত এই প্ৰতিবাদৰ সূত্ৰপাত ঘটিছে

ইৰাণৰ গভীৰ অৰ্থনৈতিক সংকটে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে আৰু দেশখনৰ বহু অঞ্চলত ব্যাপক প্ৰতিবাদৰ সূচনা হৈছে । চতুৰ্থটো দিনত এই প্ৰতিবাদে ক্ৰমান্বয়ে ব্যাপক ৰূপ লৈছে ।

শেহতীয়ীকৈ ইৰাণ কেইবাদিনো ধৰি ব্যাপক প্ৰতিবাদৰ সাক্ষী হৈছে । চৰকাৰী নিৰ্দেশৰ বিৰুদ্ধে এই দেশখনত এই প্ৰতিবাদৰ সূত্ৰপাত ঘটিছে । চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জনসাধাৰণৰ এক বৃহৎ অংশই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বেছিভাগ ঠাইতে ব্যৱসায় বন্ধ কৰি দিয়া হৈছে ।

জানিব পৰা মতে এই প্ৰতিবাদত ইৰাণৰ নিৰাপত্তা বাহিনীৰ সদস্য নিহত হৈছে । কৰ্তৃপক্ষই হঠাতে ৰাজহুৱা বন্ধ ঘোষণা কৰাৰ ফলত ৩১খন প্ৰদেশৰ ভিতৰত ২১খন প্ৰদেশৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, চৰকাৰী কাৰ্যালয় বন্ধ হৈ পৰিছে । বিগত কেইদিনমানৰ পৰা দেশখনত গঢ় লৈ উঠা অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰকৰ বাবেই এই প্ৰতিবাদৰ সৃষ্টি হৈছে ।

সামাজিক মাধ্যমত এই প্ৰতকিবাদৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে, য’ত তেহৰাণ, শ্বিৰাজ, ইছফাহান, কেৰমানশ্বাহ, ফাছাকে ধৰি কেইবাখনো চহৰত হিংসাত্মক সংঘৰ্ষ দেখা গৈছে । প্ৰতিবাদকাৰীসকলে “এনানায়কত্ববাদ মূৰ্দাবাদ” আৰু “খোমেনেইনী মূৰ্দাবাদ” ধ্বনিৰে ৰাজপথ উত্তাল কৰি তুলিছে ।

প্ৰতিবাদৰ কাৰণ-

দেওবাৰে তেহৰাণৰ বজাৰত সৃষ্টি হয় প্ৰতিবাদ । ইৰাণৰ মুদ্ৰা ৰিয়েলৰ মূল্য নিম্নগামী হোৱাৰ ফলত মূল্যবৃদ্ধিৰ সৃষ্টি হৈছে । জীৱিকাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱা এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ প্ৰতিবাদত ব্যৱসায়ীসকল ৰাজপথলৈ ওলাই আহিছে । এই মুদ্ৰাৰ মূল্য হ্ৰাসৰ ফলত আমদানিৰ মূল্য বৃদ্ধি হোৱাৰ লগতে মুদ্ৰাস্ফীতিৰ উত্থান ঘটিছে । ইতিমধ্যে দেশখনত মুদ্ৰাস্ফীতি ৫০% অতিক্ৰম কৰিছে ।

ইফালে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো প্ৰতিবাদৰ প্ৰতিধ্বনি ঘটিছে । প্ৰতিবাদকাৰীসকলে নিবনুৱা সমস্যা, পানীৰ নাটনি, প্ৰশাসনিক বিষয়ক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

২০২২ চনৰ পিছত ব্যাপক প্ৰতিবাদৰ সম্ভাৱনা-

২০২২ চনৰ পিছত ইৰাণত প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । আৰক্ষীৰ জিম্মাত থকা যুৱতী মহিলা নেত্ৰী মাহছা আমিনীৰ মৃত্যুত প্ৰতিবাদৰ সূত্ৰপাত ঘটে । নেত্ৰীগৰাকীৰ বিৰুদ্ধে ইৰাণৰ আৰক্ষীয়ে হিজাব সঠিকভাৱে পৰিধান নকৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ-

অব্যাহত থকা প্ৰতিবাদৰ সময়ত সংঘৰ্ষৰো সৃষ্টি হৈছে । নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ । ফাৰ্চ প্ৰদেশৰ ফাছা চহৰত ৰাজ্যপালৰ কাৰ্যালয় থকা চৰকাৰী কমপ্লেক্সৰ গেট ভাঙে প্ৰতিবাদকাৰীয়ে । ঘটনা সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই ঘটনাত তিনিজন আৰক্ষী বিষয়া আহত হৈছে ।

ইৰাণৰ ব্যৱসায়ীসকলে ভয়াৱহ অৰ্থনৈতিক পৰিস্থিতিৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰ্থিক লোকচান বহন কৰিবলৈ দাবী জনাইছে । চৰকাৰৰ হৈ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে জনসাধাৰণৰ ক্ষোভৰ প্ৰতি সঁহাৰি জনাই কয় যে তেওঁলোকৰ দাবীৰ শীঘ্ৰে শুনানি গ্ৰহণ কৰা হ’ব । তেওঁলোকৰ খং ন্যায্য ।

লগতে পঢ়ক : ‘এনেকুৱা আক্ৰমণ কৰিম যে পস্তাব লাগিব…’ ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ ইৰাণৰ ৰাষ্ট্ৰপতিৰ

শেহতীয়া প্ৰৱন্ধসমূহ