সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা… বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা… বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ ফলত অসমৰ সমাজ-সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা “নতুন সভ্যতা”ৰ উত্থান ঘটিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অসমত শংকৰ-আজানৰ কোনো ধাৰণা নাছিল বুলিও কয় তেওঁ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যখনৰ জনগাঁথনিগত এক বৃহৎ পৰিৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰি

কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ ফলত অসমৰ সমাজ-সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা “নতুন সভ্যতা”ৰ উত্থান ঘটিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অসমত শংকৰ-আজানৰ কোনো ধাৰণা নাছিল বুলিও কয় তেওঁ ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যখনৰ জনগাঁথনিগত এক বৃহৎ পৰিৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে কংগ্ৰেছৰ বছৰ বছৰ ধৰি চলি অহা “তুষ্টিকৰণৰ ৰাজনীতি”ৰ ফলত অসমৰ সমাজ আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা “নতুন সভ্যতা”ৰ উত্থান ঘটিছে ।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ভাষণ দি শৰ্মাই তেওঁৰ এই দাবীৰ সমৰ্থনত লোকপিয়লৰ তথ্যৰ উদ্ধৃতি দিয়ে । তেওঁ কয় যে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ প্ৰায় ৩৪ শতাংশ মুছলমান । এই সংখ্যাৰ পৰা যদি আমি প্ৰায় তিনি শতাংশ অসমীয়া মুছলমানক আঁতৰাই পেলাওঁ তেন্তে সেই সময়ত বাংলাদেশী মূলৰ মুছলমান জনসংখ্যা আছিল প্ৰায় ৩১ শতাংশ ।

২০২১ চনত লোকপিয়ল কৰিব পৰা নগ’ল বুলি আঙুলিয়াই দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে অসমত ঐতিহাসিকভাৱে প্ৰতিটো লোকপিয়ল চক্ৰত প্ৰায় চাৰি শতাংশ বৃদ্ধি পাইছে মুছলমান জনসংখ্যা । এই ধাৰাক “আমাক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ” বুলি অভিহিত কৰি শৰ্মাই অভিযোগ কৰে যে, “২০২৭ চনত যেতিয়া পৰৱৰ্তী লোকপিয়লৰ প্ৰতিবেদন ওলাব, তেতিয়া বাংলাদেশী মূলৰ মুছলমান জনসংখ্যা ৪০ শতাংশৰ ওচৰত হ’ব পাৰে ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “আজি অসমৰ প্ৰায় ৪০% লোক বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী । ধৰি লওক কোনো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়, এই লোকসকলৰ আনুগত্য ভাৰত বা বাংলাদেশৰ প্ৰতি হ’বনে ? যদি তেওঁলোকৰ জনসংখ্যা ৫০% অতিক্ৰম কৰে, তেন্তে অসমক বাংলাদেশৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা হোৱাৰ সম্ভাৱনা আছে !”

মুখ্যমন্ত্রী ড০ শৰ্মাই আৰু কয় যে বিষয়টো কেৱল ৰাজনৈতিক নহয়, সভ্যতাৰ বিষয় ৷ কংগ্ৰেছ দলৰ তুষ্টিকৰণ নীতিৰ বাবে ক্ৰমান্বয়ে প্ৰায় ডেৰ কোটি লোকৰ নতুন সভ্যতাৰ উন্মেষ ঘটিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এনে নীতি অসমৰ পৰিচয়ৰ ক্ষেত্ৰত দীৰ্ঘস্থায়ী পৰিণতি হ’ব । অসমৰ সাংস্কৃতিক আৰু ঐতিহাসিক প্ৰতীকসমূহৰ বিষয়েও শৰ্মাই দীঘলীয়াকৈ কয় আৰু ঐতিহাসিক কাহিনীক অস্পষ্ট কৰাৰ চেষ্টাৰ বিৰুদ্ধে সকীয়াই দিয়ে ।

তেওঁ কয়, “অসমত শংকৰ আৰু মাধৱৰ উত্তৰাধিকাৰ আমাৰ হাতত আছে । শংকৰ-আজানৰ কোনো ধাৰণা নাছিল ।” অসমীয়া ইতিহাসত আজান ফকীৰৰ উপস্থিতি স্বীকাৰ কৰি শৰ্মাই কয় যে তেওঁৰ অৱদানক তেওঁৰ প্ৰেক্ষাপটত চাব লাগে । মহান আহোম সেনাপতি লাচিত বৰফুকনৰ কথা উল্লেখ কৰি শৰ্মাই কয়, “লাচিতৰ উত্তৰাধিকাৰৰ সৈতে সম্পৰ্কহীন লোকক সংযুক্ত কৰি আমি আমাৰ যুঁজখন দুৰ্বল কৰা উচিত নহয় । আমি লাচিতক মোগলক পৰাস্ত কৰা নায়ক হিচাপে চাব বিচাৰো ।”

লগতে পঢ়ক : বাংলাদেশ হিংসাৰ মাজতে অসমত বৃদ্ধি সতৰ্কতা… চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে- মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ