বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ হাওৰাত তীব্ৰ প্ৰতিবাদ, আৰক্ষী আৰু বিজেপি সমৰ্থকৰ সংঘাত

বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ হাওৰাত তীব্ৰ প্ৰতিবাদ, আৰক্ষী আৰু বিজেপি সমৰ্থকৰ সংঘাত

বাংলাদেশত সংঘটিত হোৱা হিংসাত্মক ঘটনা তথা ভাৰত বিৰোধী ঢৌৰ বিৰুদ্ধে ভাৰততো আৰম্ভ হৈছে প্ৰকিবাদ । বুধবাৰে হাওৰাত বাংলাদেশত হিন্দু যুৱকক হত্যাৰ ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে । বুধবাৰে কলকাতাত বাংলাদেশত হিন্দু যুৱকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে বিক্ষোভৰ সময়ত আৰক্ষী আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকৰ মাজত

বাংলাদেশত সংঘটিত হোৱা হিংসাত্মক ঘটনা তথা ভাৰত বিৰোধী ঢৌৰ বিৰুদ্ধে ভাৰততো আৰম্ভ হৈছে প্ৰকিবাদ । বুধবাৰে হাওৰাত বাংলাদেশত হিন্দু যুৱকক হত্যাৰ ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে ।

বুধবাৰে কলকাতাত বাংলাদেশত হিন্দু যুৱকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে বিক্ষোভৰ সময়ত আৰক্ষী আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । হাওৰা দলং পোৱাৰ পূৰ্বেই আৰক্ষীয়ে বিজেপিৰ পদযাত্ৰা বন্ধ কৰি দিয়াৰ বাবে এই সংঘৰ্ষৰ সূত্ৰপাত হয় ।

হাওৰা আৰক্ষীয়ে জনোৱা মতে, “আমি কাকো প্ৰতিবাদৰ নামত স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মাবলৈ আৰু যাতায়তকাৰীক হাৰাশাস্তি কৰিবলৈ নিদিওঁ । আমি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম যাতে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয় ।”

আৰক্ষীয়ে পদযাত্ৰাট আগবাঢ়ি যোৱাত বাধা দিয়াৰ লগে লগে প্ৰতিবাদকাৰীসকলে পথত বহি বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে, যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় । বুধবাৰে পুৱা হাওৰা দলং অভিমুখে বিজেপিৰ নেতা-কৰ্মীসকলে পদযাত্ৰা কৰি আছিল যদিও দলং পোৱাৰ আগতেই আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে । অঞ্চলটো ঘেৰি ৰখাৰ লগতে যেতিয়া প্ৰতিবাদকাৰীয়ে পথত বহি শ্লোগান দিবলৈ আৰম্ভ কৰে তেতিয়া আৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে । আৰক্ষীৰ অভিযোগ যে প্ৰতিবাদকাৰীসকল আগ্ৰাসী হৈ পৰে, যাৰ ফলত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিয়াৰ ব্যৱস্থা ল’বলৈ বাধ্য হয় ।

উল্লেখ্য যে, বাংলাদেশৰ মইমনসিং জিলাৰ বালুকাত ১৮ ডিচেম্বৰত বস্ত্ৰ কাৰখানাৰ শ্ৰমিক দীপু চন্দ্ৰ দাস (২৫) নামৰ এজন হিন্দু যুৱকক প্ৰহাৰ কৰি মৃতদেহ জ্বলাই দিয়া হৈছিল । মঙলবাৰে চুবুৰীয়া দেশখনত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ প্ৰতিবাদত শতাধিক লোকে বাংলাদেশৰ উপ-উচ্চায়ুক্তলৈ সমদল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও মাজভাগতে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় আৰু কেইবাজনো লোক আহত হয় ।

লগতে পঢ়ক : ভাৰতৰ সৈতে সুসম্পৰ্কৰ ওপৰত আমাৰ সমৃদ্ধি নিৰ্ভৰ কৰে… বাংলাদেশৰ পৰিস্থিতিক লৈ ইউনুছক তীব্ৰ সমালোচনা শ্বেখ হাচিনাৰ

শেহতীয়া প্ৰৱন্ধসমূহ