বাংলাদেশ হিংসা আৰু চলি থকা অস্থিৰতাৰ মাজতে অসমত তীব্ৰ সতৰ্কতা জাৰি কৰা হৈছে । চুবুৰীয়া দেশখনত সংঘটিত হোৱা প্ৰতিটো ঘটনা ৰাজ্য চৰকাৰে চোকা দৃষ্টি ৰাখিছে ।
বাংলাদেশত চলি থকা হিংসা আৰু ৰাজনৈতিক অস্থিৰতাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া একচন মোডত অহা পৰিলক্ষিত হৈছে । পৰিস্থিতিৰ ভয়াৱহতাক স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সোমবাৰে কয় যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনা উদ্বেগজনক । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বাংলাদেশৰ প্ৰতিটো ঘটনা চোকা দৃষ্টিৰে লক্ষ্য ৰখা হৈছে, কিয়নো সংখ্যালঘু হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু ভাৰতৰ নিৰাপত্তাৰ সৈতে জড়িত বক্তব্যই উদ্বেগ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে ।
এক অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বাংলাদেশৰ পৰিস্থিতি ভাল নহয়, সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ খবৰ প্ৰকাশ পাইছে ৷ তেওঁ লগতে দাবী কৰে যে বাংলাদেশৰ ক্ষমতাত থকা একাংশ লোকে উত্তৰ-পূব ভাৰতক নিজৰ অধীনস্থ কৰাৰ কথা কৈছে, যিটো অতি গুৰুতৰ আৰু চিন্তনীয় ।
মুখ্যমন্ত্রী শর্মাৰ মতে, বাংলাদেশৰ পৰা বিভিন্ন সময়ত অবৈধ নাগৰিক অসমত প্রৱেশ কৰিছে, সেয়েহে ৰাজ্যখন অধিক সতর্ক হোৱাৰ প্রয়োজন ৷ তেওঁ কয় যে দেশখনৰ সকলো ঘটনাৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব । যোৱা সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে একাংশ “বাংলাদেশী উপাদান”য়ে উত্তৰ-পূব ভাৰতক বাংলাদেশৰ অধীনস্থ কৰাৰ বাবে বাৰে বাৰে আহ্বান জনাইছে । এই কথাটো তেওঁ বিপদজনক বুলি অভিহিত কৰে ।
তদুপৰি মুখ্যমন্ত্ৰী শৰ্মাই এনে বিষয়ত ভাৰত মৌন নাথাকে বুলিও উল্লেখ কৰে । তেওঁ উল্লেখ কৰে যে ভাৰত এখন বৃহৎ দেশ, পাৰমাণৱিক শক্তিসম্পন্ন আৰু বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি । তেওঁ লগতে কয় যে এনে ক্ষেত্ৰত বাংলাদেশে এনে এটা কথা চিন্তাও কেনেকৈ কৰিব পাৰে । ইফালে অসমৰ কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত জাৰি কৰা হৈছে নিষেধাজ্ঞা । বিষয়াসকলৰ মতে, অবৈধ চলাচল ৰোধ আৰু আইন-শৃংখলা বজাই ৰখাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
লগতে পঢ়ক : বাংলাদেশত সংখ্যালঘুৰ ওপৰত সংঘটিত আক্রমণক লৈ উদ্বেগ প্রকাশ ভাৰতৰ









