দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিলে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল

দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিলে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল

শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উন্মোচন কৰাৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোেচন কৰে । দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০

শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উন্মোচন কৰাৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোেচন কৰে ।

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন টাৰ্মিনেলটো পৰিদৰ্শনো কৰে । এই নতুন সংহত টাৰ্মিনেল-২ ভৱনটোৰ বছৰি প্ৰায় ১ কোটি ৩১ লাখ যাত্ৰীক চম্ভালিব পৰা ক্ষমতা আছে । এই টাৰ্মিনেল নিৰ্মাণৰ বাবে প্ৰায় ৪০০০ কোটি টকা ব্যয় হৈছে । এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু, উদ্যোগপতি গৌতম আদানীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিষয়া উপস্থিত থাকে ।

বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, সমগ্ৰ বিমানবন্দৰ প্ৰকল্পটোৰ মুঠ খৰচ ৫ হাজাৰ কোটি । ইয়াৰে ১০০০ কোটি টকা বিশেষভাৱে বিমান মেৰামতি, ৰক্ষণাবেক্ষণ, আৰু অভাৰহ’ল (এম আৰ অ’) সুবিধাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ দ্বাৰা ভৱিষ্যতে নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব ।

উল্লেখ্য যে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে বিমানবন্দৰটোৰ নামকৰণ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰৰ বাহিৰত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে । নতুন টাৰ্মিনেলটোৰ বিস্তৃতি প্ৰায় ১ লাখ ৪০ হাজাৰ বৰ্গমিটাৰ । ইয়াৰ ডিজাইন অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ পৰা অনুপ্ৰাণিত, যি ৰাজ্যখনৰ পৰিচয় প্ৰতিফলিত কৰে । এই বিমানবন্দৰটো উত্তৰ-পূব ভাৰতৰ এক প্ৰধান বিমান কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব । ইয়াৰ ফলত অঞ্চলটোৰ পৰ্যটন, বাণিজ্য আৰু উন্নয়ন যথেষ্ট বৃদ্ধি পাব ।

লগতে পঢ়ক : X ত প্ৰধানমন্ত্ৰীৰ জলৱা; শীৰ্ষ ১০ টা সৰ্বাধিক লাইকৰ তালিকাত মোদীৰ নাম