দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিলে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল
শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উন্মোচন কৰাৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোেচন কৰে ।
দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন টাৰ্মিনেলটো পৰিদৰ্শনো কৰে । এই নতুন সংহত টাৰ্মিনেল-২ ভৱনটোৰ বছৰি প্ৰায় ১ কোটি ৩১ লাখ যাত্ৰীক চম্ভালিব পৰা ক্ষমতা আছে । এই টাৰ্মিনেল নিৰ্মাণৰ বাবে প্ৰায় ৪০০০ কোটি টকা ব্যয় হৈছে । এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু, উদ্যোগপতি গৌতম আদানীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিষয়া উপস্থিত থাকে ।
বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, সমগ্ৰ বিমানবন্দৰ প্ৰকল্পটোৰ মুঠ খৰচ ৫ হাজাৰ কোটি । ইয়াৰে ১০০০ কোটি টকা বিশেষভাৱে বিমান মেৰামতি, ৰক্ষণাবেক্ষণ, আৰু অভাৰহ’ল (এম আৰ অ’) সুবিধাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ দ্বাৰা ভৱিষ্যতে নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব ।
উল্লেখ্য যে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে বিমানবন্দৰটোৰ নামকৰণ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰৰ বাহিৰত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে । নতুন টাৰ্মিনেলটোৰ বিস্তৃতি প্ৰায় ১ লাখ ৪০ হাজাৰ বৰ্গমিটাৰ । ইয়াৰ ডিজাইন অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ পৰা অনুপ্ৰাণিত, যি ৰাজ্যখনৰ পৰিচয় প্ৰতিফলিত কৰে । এই বিমানবন্দৰটো উত্তৰ-পূব ভাৰতৰ এক প্ৰধান বিমান কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব । ইয়াৰ ফলত অঞ্চলটোৰ পৰ্যটন, বাণিজ্য আৰু উন্নয়ন যথেষ্ট বৃদ্ধি পাব ।
লগতে পঢ়ক : X ত প্ৰধানমন্ত্ৰীৰ জলৱা; শীৰ্ষ ১০ টা সৰ্বাধিক লাইকৰ তালিকাত মোদীৰ নাম