জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আকৌ এক ডাঙৰ মন্তব্য কৰিছে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ পুনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, জুবিনৰ বিহু ফাংছনৰ টকা কোনে খালে ? জুবিনক লুটি-পুটি খোৱা সকলৰো তদন্ত হ’ব লাগিব।
জুবিনক কোনে হত্যা কৰিলে আদালতত সেই সকলো কথা ওলাই পৰিব। কিন্তু এতিয়া একাংশ লোকে আচামীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে উঠি-পৰি লাগিছে।
তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াৰ দিনত ডাঙৰ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীয়েও দুই-আঢ়ৈমাহত জামিন পাইছিল।কিন্তু আজিৰ তাৰিখত এটাও অপৰাধী জামিনত ওলাই আহিব পৰা নাই। মোৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, জুবিন গাৰ্গে ন্যায় পাবই।
আনহাতে তেওঁ কয় যে, ছিংগাপুৰতকৈ ভাৰতৰ আইন ব্যৱস্থা বহু ওপৰত।ছিংগাপুৰৰ পুলিচ অসমত অহা নাই, কিন্তু আমাৰ পুলিচ চিংগাপুৰত গৈছিল।
ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া যথেষ্ট পৃথক।অসমৰ আৰক্ষী হে ছিংগাপুৰলৈ গৈছিল কিন্তু ছিংগাপুৰৰ কোনো আৰক্ষী অসমত আহি তদন্ত কৰা নাই।
লগতে পঢ়ক: ‘জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক ফুৰাবলৈ নিয়ক’; শৃংখল চলিহা









