আগন্তুক ছিজনত ছানৰাইজাৰ্ছৰ হৈ খেলিব হেৰী ব্ৰুক; ল’ব নেকি অধিনায়কৰ দায়িত্ব
ইংলেণ্ডত অনুষ্ঠিত হোৱা ফ্ৰেঞ্চাইজি ভিত্তিক ১০০ বলৰ প্ৰতিযোগিতা দ্য হাণ্ড্ৰেডৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হ’বলৈ গৈ আছে হেৰী ব্ৰুক।
ইংলেণ্ডৰ সীমিত অভাৰৰ অধিনায়ক হেৰী ব্ৰুক, যিয়ে নৰ্দাৰ্ণ ছুপাৰচাৰ্জাৰৰ হৈ দ্য হাণ্ড্ৰেডত খেলে, তেওঁক দলটোৰ ১০০ শতাংশ শ্বেয়াৰ কৰি ছান গ্ৰুপে ক্ৰয় কৰিছে।
ইয়াৰ পিছত অহা বছৰৰ ছিজনত দলটোৱে সলনি কৰা নাম ছানৰাইজাৰ্ছ লিডছ লৈ খেলপথাৰত নামিব।য’ত খেলুৱৈ গৰাকীক ধৰি ৰাখিবলৈ যোৱা কেইবাদিনো আলোচনা চলি থকাৰ পিছত এতিয়া তেওঁলোকে খেলুৱৈ গৰাকীক ৪ লাখ ৭০ হাজাৰ পাউণ্ড ষ্টাৰলিঙত ৰখাৰ সিদ্ধান্ত লৈছে।
আগন্তুক ছিজনৰ পূৰ্বে ৮খন ফ্ৰেঞ্চাইজিকে মুঠ ৪ জন খেলুৱৈক ধৰি ৰখাৰ সুযোগ দিয়া হৈছে।এই ক্ষেত্ৰত ছানৰাইজাৰ্ছ লিডছে যথেষ্ট গতি দেখুৱাইছে,য’ত ই এছ পি এন ক্ৰিচিনফ’ৰ প্ৰতিবেদন অনুসৰি তেওঁলোকে ৫.৬২ কোটি টকাত হেৰী ব্ৰুকক ধৰি ৰখাৰ সিদ্ধান্ত লৈছে আৰু ভৱিষ্যতেও তেওঁ দলৰ অধিনায়কত্বৰ দায়িত্ব চম্ভালিব পাৰিব।
ব্ৰুকে দ্য হাণ্ড্ৰেডত ২০২১ চনত ব্ৰুকে ফ্ৰেঞ্চাইজিৰ হৈ অভিষেক ঘটায়,য’ত তেওঁ ২০২৪ চনৰ ছিজনত অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল।
লগতে পঢ়ক: আই চি চিৰ ৰেংকিঙত ৰোহিত-কোহলীৰ দপদপনি… বুমৰাহ-বৰুণ-অভিষেকৰো আধিপত্য









