আজি কটকত ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০ মেচ, মূল একাদশত কোন কোন ?

আজি কটকত ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০ মেচ, মূল একাদশত কোন কোন ?

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব । কটকৰ বাৰাবটি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ । আজিৰে পৰা ভাৰতীয় ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ কৰিবলৈ সাজু হৈছে । শৃংখলাৰ প্ৰথমখন মেচ আজি সন্ধিয়া ৭:০০ বজাত কটকৰ বাৰাবাটি ষ্টেডিয়ামত

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব । কটকৰ বাৰাবটি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ ।

আজিৰে পৰা ভাৰতীয় ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ কৰিবলৈ সাজু হৈছে । শৃংখলাৰ প্ৰথমখন মেচ আজি সন্ধিয়া ৭:০০ বজাত কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে দুয়োটা দলৰ বাবে এই শৃংখলা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ইফালে দক্ষিণ আফ্ৰিকাই ভাৰতীয় পৰিস্থিতিত অভিজ্ঞতাক অগ্ৰাধিকাৰ দিছে । ইফালে, টিম ইণ্ডিয়াই নিজৰ শক্তিশালী ফৰ্ম অব্যাহত ৰাখিবলৈ বিচাৰিব ।

কেনেকুৱা হ’ব ভাৰতৰ মূল একাদশ ?

ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিজৰ বিস্ফোৰক ফৰ্মৰ ভিত্তিত দলটোক নেতৃত্ব দিব । অভিষেক শৰ্মাৰ সৈতে শুভমন গীলে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে । তিলক বাৰ্মাইও খেলাটো প্ৰায় নিশ্চিত । জিতেশ শৰ্মাই উইকেটকীপিং আৰু বেটিঙৰ জৰিয়তে অৰিহণা যোগাব পাৰে । আঘাতৰ পিছত পুনৰ উভতি অহা হাৰ্দিক পাণ্ডিয়াই অল ৰাউণ্ডাৰ হিচাপে ভাৰসাম্য আনিব । অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে স্পীন বিভাগ চম্ভালিব পাৰে । বৰুণ চক্ৰৱৰ্তীও মূল একাদশত থাকিব পাৰে । ফাষ্ট বলিং বিভাগত অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহৰ যুটি প্ৰথম পছন্দ হ’ব পাৰে ।

পিটছ কাৰ সহায়ক হ’ব ?

দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত পুনৰ টি-২০ ক্ৰিকেটলৈ ঘূৰি আহিছে বাৰাবাটি ষ্টেডিয়ামৰ খেলপথাৰ । ২০২২ চনৰ জুন মাহৰ পিছত ইয়াত এইখন হ’ব প্ৰথমখন টি-২০ মেচ আৰু শেষবাৰৰ বাবে এই খেলপথাৰত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচখনত পেচাৰসকল জিলিকি উঠিছিল । অৱশ্যে এই পিটছ বেটছমেনৰ বাবে সহজ নহ’ব । সামগ্ৰিকভাৱে পেচাৰসকলে প্ৰাৰম্ভিক অভাৰত সহায় বিচাৰি পাব পাৰে, আনহাতে স্পীনাৰসকলে পিছলৈ গ্ৰীপ বিচাৰি পাব ।

ভাৰতৰ সম্ভাৱ্য মূল একাদশ : অভিষেক শৰ্মা, শুভমন গীল, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), জিতেশ শৰ্মা (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ খেলুৱৈ মিচেল মাৰ্ছে হঠাতে ল’লে ডাঙৰ সিদ্ধান্ত, ঘোষণা কৰিলে অৱসৰ