বিয়া ভাগিল…! ছ’চিয়েল মিডিয়াযোগে মৌনতা ভংগ কৰিলে স্মৃতি মন্ধানাই

বিয়া ভাগিল…! অৱশেষত ছ’চিয়েল মিডিয়াযোগে মৌনতা ভংগ কৰিলে স্মৃতি মন্ধানাই

তাৰকা বেটছমেন স্মৃতি মন্ধানাই অৱশেষত নিজৰ ব্যক্তিগত জীৱনক লৈ চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে । ভাৰতীয় মহিলা দলৰ তাৰকা বেটছমেন স্মৃতি মন্ধানাই অৱশেষত নিজৰ ব্যক্তিগত জীৱনক লৈ চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে । মন্ধানাই উল্লেখ কৰে যে পলাশ মুচ্চলৰ

তাৰকা বেটছমেন স্মৃতি মন্ধানাই অৱশেষত নিজৰ ব্যক্তিগত জীৱনক লৈ চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে ।

ভাৰতীয় মহিলা দলৰ তাৰকা বেটছমেন স্মৃতি মন্ধানাই অৱশেষত নিজৰ ব্যক্তিগত জীৱনক লৈ চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে । মন্ধানাই উল্লেখ কৰে যে পলাশ মুচ্চলৰ সৈতে তেওঁৰ সম্পৰ্ক শেষ হৈছে, অৰ্থাৎ তেওঁলোকৰ বিবাহৰ অন্ত পৰিছে । ছ’চিয়েল মিডিয়াত এক আনুষ্ঠানিক বিবৃতিত এই কথা নিশ্চিত কৰিছে মন্ধানাই ।

মন্ধানাই ইনষ্টাগ্ৰামত লিখিছে, “যোৱা কেইসপ্তাহমানৰ পৰা মোৰ জীৱনৰ বিষয়ে বহু কথা কোৱা হৈছে । মই এগৰাকী অতি ব্যক্তিগত ব্যক্তি আৰু মোৰ ব্যক্তিগত জীৱনটো ব্যক্তিগতভাৱে ৰাখিবলৈ ভাল পাওঁ, কিন্তু এতিয়া ঘোষণা কৰাটো গুৰুত্বপূৰ্ণ যে এতিয়া বিয়াখন বাতিল কৰা হৈছে । মই বিচাৰো এই বিষয়টো ইয়াতেই শেষ হওক । মই সকলোকে অনুৰোধ কৰিছো যে দুয়োটা পৰিয়ালৰ গোপনীয়তাক সন্মান কৰক আৰু আমাক সময় দিয়ক যাতে আমি এই পৰিস্থিতিৰ পৰা ওলাব পাৰো আগবাঢ়ি যাব পাৰো ।”

স্মৃতি মন্ধানাই কয় যে তেওঁৰ কেৰিয়াৰ তেওঁৰ অগ্ৰাধিকাৰ । মন্ধানাই লিখিছে, “মই বিশ্বাস কৰোঁ যে আমাৰ সকলোকে পথ প্ৰদৰ্শন কৰা এক উচ্চ শক্তি আছে । মোৰ বাবে সেই শক্তিয়ে সদায় ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে । মই মোৰ দেশৰ হৈ খেলিব বিচাৰো আৰু যিমান পাৰো ট্ৰফী জিকিব বিচাৰো । সেইটোৱেই মোৰ একমাত্ৰ লক্ষ্য হ’ব ।”

উল্লেখ্য যে, স্মৃতি মন্ধানা আৰু সংগীত সুৰকাৰ পলাশ মুচ্চলৰ বিবাহ ২৩ নৱেম্বৰত হ’ব লগা আছিল যদিও অনুষ্ঠানটো অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হয় । বিয়াৰ দিনা স্মৃতিৰ পিতৃ শ্ৰীনিবাস মন্ধানা হঠাৎ অসুস্থ হৈ পৰাত দুয়ো পৰিয়ালে বিয়াখন পিছুৱাই দিবলগীয়া হয় । এই সময়ছোৱাত ছ’চিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি বিয়পি পৰে । পলাশ মুচ্চলে স্মৃতি মন্ধানাক প্ৰতাৰণা কৰা বুলি দাবী কৰি কিছুমান পোষ্ট ভাইৰেল হৈ পৰিছিল । অৱশ্যে এই দাবীৰ কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নগ’ল । এতিয়া মন্ধানাৰ এই পোষ্টটোৱে নিশ্চিত কৰিছে যে বিয়াখন বাতিল কৰা হৈছে ।

লগতে পঢ়ক : নিৰ্ণায়ক এদিনীয়াত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক, অৰ্জন কৰিলে এই বিৰল কৃতিত্ব

শেহতীয়া প্ৰৱন্ধসমূহ