ৰায়পুৰত আজি দ্বিতীয় এদিনীয়া; শৃংখলা দখলৰ লক্ষ্যৰে নামিব আত্মবিশ্বাসী টীম ইণ্ডিয়া

ৰায়পুৰত আজি দ্বিতীয় এদিনীয়া; শৃংখলা দখলৰ লক্ষ্যৰে নামিব আত্মবিশ্বাসী টীম ইণ্ডিয়া

তিনিখন মেচৰ শৃংখলা দখলৰ লক্ষ্যৰে আজি ৰায়পুৰত নামিব আত্মবিশ্বাসী টীম ইণ্ডিয়া আজি ৰায়পুৰত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়া । ইতিমধ্যে ৰাঁচীত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত জয়লাভ কৰি শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰা আত্মবিশ্বাসী টীম ইণ্ডিয়াই শৃংখলা দখলৰ লক্ষ্যৰে আজি

তিনিখন মেচৰ শৃংখলা দখলৰ লক্ষ্যৰে আজি ৰায়পুৰত নামিব আত্মবিশ্বাসী টীম ইণ্ডিয়া

আজি ৰায়পুৰত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়া । ইতিমধ্যে ৰাঁচীত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত জয়লাভ কৰি শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰা আত্মবিশ্বাসী টীম ইণ্ডিয়াই শৃংখলা দখলৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব । অৱশ্যে ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচৰ পূৰ্বে কেইবাটাও প্ৰশ্ন ৰৈ গৈছে । কোহলীৰ শতক আৰু ৰোহিত শৰ্মাৰ আগ্ৰাসী ৫৭ ৰানেৰে প্ৰথম এদিনীয়াত ভাৰতৰ জয় নিশ্চিত হ’ল যদিও দলৰ সংমিশ্ৰণক লৈ কিছু উদ্বেগ অব্যাহত আছে ।

ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এই দ্বিতীয় এদিনীয়া । এই ষ্টেডিয়ামত মাত্ৰ এখন এদিনীয়া খেল অনুষ্ঠিত হৈছে । ২০২৩ চনৰ জানুৱাৰী মাহত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল এই মেচ । খেলখনত মহম্মদ ছামি আৰু ছিৰাজে প্ৰচণ্ড ছুইং আৰু ছিম মুভমেণ্টৰ সুযোগ লৈ কিৱি দলক ১০৮ ৰানত অল আউট কৰিছিল । ইয়াৰ পিছতে ৩০ অভাৰ বাকী থকা অৱস্থাত ভাৰতে ৮ উইকেটত জয়লাভ কৰে । ইয়াত শেষৰখন আন্তঃৰাষ্ট্ৰীয় মেচ ২০২৩ চনৰ ডিচেম্বৰ মাহত টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছিল, য’ত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক ২০ ৰাণত পৰাস্ত কৰিছিল ।

ইফালে আজিৰ দ্বিতীয়খন এদিনীয়াত ঋষভ পন্টৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনাক লৈ উৎফুল্লিত হৈ আছে অনুৰাগী । বৰ্তমান সময়ত দল পৰিচালনাই তেওঁক লৈ খৰখেদা কৰা নাই । অৱশ্যে আজি পন্টৰ প্ৰত্যাৱৰ্তনত সন্দেহৰো সৃষ্টি হৈছে ।

কি হ’ব ভাৰতৰ সাম্ভাব্য মূল একাদশ ?

প্ৰথমখন মেচত জয়লাভৰ পিছতো টীম ইণ্ডিয়াত এটা বা দুটা পৰিৱৰ্তন দেখা যাব পাৰে । আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ৰুতুৰাজ গাইকোৱাদ । তেওঁক চাৰি নম্বৰত বেটিঙৰ বাবে পঠোৱা হৈছিল যদিও সহজ নাছিল । ৱাশ্বিংটন সুন্দৰো বেটিং ক্ৰমৰ সঘনাই পৰিৱৰ্তনৰ সন্মুখীন হৈছে । প্ৰথমখন মেচত পাঁচ নম্বৰত আহিছিল যদিও দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হয় সুন্দৰ । লগতে তেওঁ মাত্ৰ তিনি অভাৰহে বলিং কৰে ।

ইয়াৰ বিপৰীতে কুলদীপ যাদৱে ৬৮ ৰান দি চাৰিটা উইকেট দখল কৰিছিল যদিও তেওঁৰ ভেৰাইটি ভাৰতৰ বাবে প্লাছ পইণ্ট । বেগী বলাৰসকলৰ ভিতৰত হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ আৰু অৰ্শদ্বীপ সিঙে খেলাটো প্ৰায় নিশ্চিত ।

ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, ৰুতুৰাজ গাইকোৱাদ, কে এল ৰাহুল (অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ, অৰ্শদীপ সিং ।

লগতে পঢ়ক : বিশ্ব চেম্পিয়ন ৩ মহিলা ক্ৰিকেটাৰলৈ ৰে’লৱেৰ বিশেষ উপহাৰ; লাভ কৰিব এইসমূহ সুবিধা