কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাঢ়িছে বিপদ; ৪৬৬ কোটি টকাৰ অনিয়মক লৈ ED ৰ জাননী

কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাঢ়িছে বিপদ; ৪৬৬ কোটি টকাৰ অনিয়মক লৈ ED ৰ জাননী

কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাঢ়িছে বিপদ কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বিপদ যেন বাঢ়িছে।KIIFB আৰু ইয়াৰ শীৰ্ষ বিষয়াসকলক FEMA উলংঘাৰ বাবে জাননী জাৰি কৰা হৈছে আৰু ৪৬৬ কোটি টকাৰ পৰিমাণক লৈ প্ৰশ্ন উত্থাপন হৈছে।KIIFB ৰ অধ্যক্ষ হৈছে পিনাৰায়ী বিজয়ন। বলবৎকাৰী সঞ্চালকালয়(ED )এ ১২ নৱেম্বৰ ২০২৫ ত

কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাঢ়িছে বিপদ

কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বিপদ যেন বাঢ়িছে।KIIFB আৰু ইয়াৰ শীৰ্ষ বিষয়াসকলক FEMA  উলংঘাৰ বাবে জাননী জাৰি কৰা হৈছে আৰু ৪৬৬ কোটি টকাৰ পৰিমাণক লৈ প্ৰশ্ন উত্থাপন হৈছে।KIIFB ৰ অধ্যক্ষ হৈছে পিনাৰায়ী বিজয়ন।

বলবৎকাৰী সঞ্চালকালয়(ED )এ ১২ নৱেম্বৰ ২০২৫ ত কেৰেলা আন্তঃগাঁথনি বিনিয়োগ পুঁজি ব’ৰ্ড (KIIFB) আৰু তেওঁৰ শীৰ্ষ বিষয়াসকলক বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA) উলংঘা কৰাৰ ক্ষেত্ৰত কাৰণ দেখুৱাৰ জাননী জাৰি কৰা হৈছে।এই জাননী প্ৰায় ৪৬৬.৯১ কোটি টকাৰ কথিত অনিয়মৰ সৈতে জড়িত।

জানিব পৰা মতে,KIIFB এ লণ্ডন আৰু ছিংগাপুৰ ষ্টক এক্সচেঞ্জত মছলা বণ্ড জাৰি কৰি ২৬৭২.৮০ কোটি টকা সংগ্ৰহ কৰিছিল।

এই ধনৰাশি ইচিবিৰ অধীনত লোৱা হৈছিল অৰ্থাৎ বহিঃ বাণিজ্যিক ঋণ।ইডিৰ অভিযোগ যে এই পুঁজিৰ পৰা ৪৬৬.৯১ কোটি টকা ভূমি ক্ৰয়ৰ বাবে ব্যয় কৰা হৈছে।

আনহাতে আৰ বি আইৰ নিয়ম অনুসৰি মছলা বণ্ডৰ জৰিয়তে সংগ্ৰহ কৰা ধনখিনি মাটি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।

এই ব্যৱহাৰ আৰ বি আইৰ মাষ্টাৰ ডাইৰেকচন ২০১৬, চাৰ্কুলাৰ ২০১৫ আৰু ১ জুন, ২০১৮ তাৰিখৰ নিৰ্দেশনাৰ প্ৰত্যক্ষ উলংঘা বুলি ধৰা হৈছে।

লগতে পঢ়ক: দিল্লীত এমচিডিৰ উপ-নিৰ্বাচনৰ ভোটদান আৰম্ভ; ভোটাৰলৈ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বিশেষ আহ্বান

শেহতীয়া প্ৰৱন্ধসমূহ