মুকলি দিনাই মঞ্চতে বাগৰি পৰিল ৰাছিয়াৰ প্ৰথমটো AI ৰবট...

মুকলি দিনাই মঞ্চতে বাগৰি পৰিল ৰাছিয়াৰ প্ৰথমটো AI ৰবট…

মুকলি দিনাই মঞ্চতে বাগৰি পৰিল ৰাছিয়াৰ প্ৰথমটো AI ৰবট… ৰাছিয়াই নিৰ্মাণ কৰা প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা (AI) চালিত মানৱৰূপী ৰবট মুকলিৰ দিনাই বিফলতাৰ সন্মুখিন হয়। উৎক্ষেপণৰ পূৰ্বে হঠাতে ৰবটটোৱে মঞ্চতে বাগৰি পৰিল। ইয়াৰ পিছত এই ভিডিঅ’টো ইণ্টাৰনেটত শ্বেয়াৰ কৰা হয় আৰু কেইঘণ্টামানৰ ভিতৰতে এই ভিডিঅ’টো ভাইৰেল

মুকলি দিনাই মঞ্চতে বাগৰি পৰিল ৰাছিয়াৰ প্ৰথমটো AI ৰবট…

ৰাছিয়াই নিৰ্মাণ কৰা প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা (AI) চালিত মানৱৰূপী ৰবট মুকলিৰ দিনাই বিফলতাৰ সন্মুখিন হয়। উৎক্ষেপণৰ পূৰ্বে হঠাতে ৰবটটোৱে মঞ্চতে বাগৰি পৰিল।

ইয়াৰ পিছত এই ভিডিঅ’টো ইণ্টাৰনেটত শ্বেয়াৰ কৰা হয় আৰু কেইঘণ্টামানৰ ভিতৰতে এই ভিডিঅ’টো ভাইৰেল হৈ পৰে।

ৰবটটোক এই সপ্তাহতে মুকলি কৰাৰ কথা আছিল, কিন্তু তাৰ আগতেই ৰবটটোৱে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই মাটিত বাগৰি পৰিল।জানিব পৰা মতে এই ৰবটটোৰ নাম এল্ডোল।

মুকলিৰ বাবে ৰবটটোক মঞ্চলৈ অনাৰ বাবে সাজু কৰি আছিল। ৰবটোৰ লগত দুগৰাকী ক্ৰু মেম্বাৰ আছিল। চাউণ্ড ট্ৰেক আৰম্ভ হোৱাৰ লগে লগে এল্ডোল নামৰ ৰবটটো মঞ্চলৈ আহে।

কিন্তু মাত্ৰ কেইখোজ মান দিয়াৰ পিছতে ৰবটটো বাগৰি পৰাৰ লগতে ইয়াৰ কিছু অংশও ভাঙি থাকিল। সামাজিক মাধ্যমত বৰ্তমান এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

লগতে পঢ়ক: চীনৰ ডাঙৰ সফলতা; ২০৩০ৰ ভিতৰত চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ প্ৰস্তুতি

শেহতীয়া প্ৰৱন্ধসমূহ