ঘন কুঁৱলীয়ে হ’ল কাল; তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা

ঘন কুঁৱলীয়ে হ’ল কাল; তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা

ঘন কুঁৱলীয়ে কাল হ’ল এখন বাহনৰ। পুৱাই ডিমৰীয়াৰ তেতেলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুৱাই ডিমৰীয়াৰ তেতেলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। উজনিৰ পৰা গুৱাহাটী অভিমুখী AS01 LC 9886 নম্বৰৰ আৰটিকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ পাছফালে খুন্দা মাৰে।দুৰ্ঘটনাটোৰ ফলত থিতাতে দুজনলোক নিহত

ঘন কুঁৱলীয়ে কাল হ’ল এখন বাহনৰ। পুৱাই ডিমৰীয়াৰ তেতেলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

পুৱাই ডিমৰীয়াৰ তেতেলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। উজনিৰ পৰা গুৱাহাটী অভিমুখী AS01 LC 9886 নম্বৰৰ আৰটিকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ পাছফালে খুন্দা মাৰে।দুৰ্ঘটনাটোৰ ফলত থিতাতে দুজনলোক নিহত হোৱাৰ লগতে পাঁচজন লোক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত চালকসহ অন্য এজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন পাঁচজন যাত্ৰীক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।ইতিমধ্যে ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক: কেতিয়া সম্পূর্ণ হ’ব যোৰহাট–মাজুলী সংযোগী দলং ? জনালে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ