ভাৰতৰ ৩০ সংখ্যক টেষ্ট চেন্টাৰ বৰ্ষাপাৰা ষ্টেডিয়াম
২২ নৱেম্বৰ, শনিবাৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট শৃংখলাৰ অন্তিমখন খেল আৰম্ভ হৈছে । টেষ্ট শৃংখলাত ০-১ ব্যৱধানত পিছ পৰি থকা ভাৰতীয় দলটোৱে এই মেচত জয়লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ । এই খেলখন অসমবাসীৰ বাবে অতি বিশেষ, কিয়নো বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে টেষ্ট মেচ ।
এই মেচখনৰ পূৰ্বে ভাৰতত ২৯৭খন টেষ্ট মেচ অনুষ্ঠিত হৈছিল । মুঠ ২৯খন খেলপথাৰত অনুষ্ঠিত হৈছিল এইসমূহ টেষ্ট মেচ । এই আটাইকেইখন মেচতে ভাৰতীয় দল আছিল । ইয়াৰ পৰা এটা কথা স্পষ্ট যে ভাৰতৰ মাটিত কেতিয়াও কোনো নিৰপেক্ষ টেষ্ট মেচ অনুষ্ঠিত হোৱা নাই । এতিয়া বৰ্ষাপাৰা ষ্টেডিয়ামকো ভাৰতৰ টেষ্ট চেণ্টাৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে । এই ষ্টেডিয়াম ভাৰতৰ ৩০ সংখ্যক টেষ্ট ভেন্যু ।
উল্লেখ্য যে ভাৰতৰ প্ৰথমখন টেষ্ট মেচ ১৯৩৩ চনত মুম্বাইৰ জিমখানা খেলপথাৰত অনুষ্ঠিত হৈছিল, যিখন খেলো সেই খেলপথাৰত অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচ আছিল । আজিলৈকে ভাৰতৰ মাত্ৰ ৯খন খেলপথাৰতহে ১০খনতকৈ অধিক টেষ্ট মেচ অনুষ্ঠিত হৈছে । ৮খন খেলপথাৰত মাত্ৰ এখনকৈ টেষ্ট মেচ আয়োজন কৰা হৈছে । গান্ধী ষ্টেডিয়াম (জলন্ধৰ), ছেক্টৰ ১৬ ষ্টেডিয়াম (চণ্ডীগড়), ইউনিভাৰ্চিটি খেলপথাৰ (লক্ষ্ণৌ), কে ডি সিং বাবু ষ্টেডিয়াম (লক্ষ্ণৌ) আৰু লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়াম (হায়দৰাবাদ)ত বহু বছৰ ধৰি এখনো আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱা নাই ।
ভাৰতৰ ভিতৰত সৰ্বাধিক টেষ্ট মেচ অনুষ্ঠিত হৈছে ইডেন গাৰ্ডেনছত । এই খেলপথাৰত বৰ্তমানলৈ ৪৩ খন টেষ্ট মেচ অনুষ্ঠিত হৈছে । ইয়াৰ পিছতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ৩৬খন টেষ্ট মেচ অনুষ্ঠিত হৈছে । তৃতীয় স্থানত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়াম আছে য’ত টিম ইণ্ডিয়াই ৩৫খন খেল খেলিছে ।
ভাৰতত এই খেলপথাৰসমূহত টেষ্ট মেচ অনুষ্ঠিত হৈছে :
-ইডেন গাৰ্ডেনছ, কলকাতা- ৪৩ খন টেষ্ট
-অৰুণ জেটলী ষ্টেডিয়াম, দিল্লী- ৩৬ খন টেষ্ট
-এম এ চিদাম্বৰম ষ্টেডিয়াম, চেন্নাই- ৩৫ খন টেষ্ট
-ৱাংখেড়ে ষ্টেডিয়াম, মুম্বাই- ২৬ খন টেষ্ট
-এম চিন্নাস্বামী ষ্টেডিয়াম, বেংগালুৰু- ২৫ খন টেষ্ট
-গ্ৰীণ পাৰ্ক, কানপুৰ- ২৪ খন টেষ্ট
-ব্ৰাবৰ্ণ ষ্টেডিয়াম, মুম্বাই- ১৮খন টেষ্ট
-নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদ- ১৬ খন টেষ্ট
-আই এছ বিন্দ্ৰা পঞ্জাব ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম, মোহালী- ১৪ খন টেষ্ট
-বিদৰ্ভ চি এ খেলপথাৰ, নাগপুৰ- ৯ খন টেষ্ট
-নেহৰু ষ্টেডিয়াম, চেন্নাই- ৯ খন টেষ্ট
-বিদৰ্ভ ক্ৰিকেট সন্থা ষ্টেডিয়াম, নাগপুৰ- ৭ খন টেষ্ট
-ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, হায়দৰাবাদ – ৬ খন টেষ্ট
-জে এছ চি এ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম কমপ্লেক্স, ৰাঁচী- ৩ খন টেষ্ট
-হোলকাৰ ক্ৰিকেট ষ্টেডিয়াম, ইন্দোৰ- ৩ খন টেষ্ট
-ডাঃ ৱাই.এছ. ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ষ্টেডিয়াম, বিশাখাপট্টনম- ৩খন টেষ্ট
-সৌৰাষ্ট্ৰ ক্ৰিকেট সন্থা ষ্টেডিয়াম, ৰাজকোট- ৩ খন টেষ্ট
-লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়াম, হায়দৰাবাদ- ৩ খন টেষ্ট
-মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থা ষ্টেডিয়াম, পুনে- ২ খন টেষ্ট
-বাৰাবাটি ষ্টেডিয়াম, কটক- ২ খন টেষ্ট
-হিমাচল প্ৰদেশ ক্ৰিকেট সন্থা ষ্টেডিয়াম, ধৰমশালা- ২ খন টেষ্ট
-কে ডি সিং বাবু ষ্টেডিয়াম, লক্ষ্ণৌ- ১ টেষ্ট
-জিমখানা খেলপথাৰ, মুম্বাই- ১ টেষ্ট
-ছেক্টৰ ১৬ ষ্টেডিয়াম, চণ্ডীগড়- ১ টেষ্ট
-ছাৱাই মানসিং ষ্টেডিয়াম, জয়পুৰ – ১ টেষ্ট
-ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়াম, লক্ষ্ণৌ- ১ টেষ্ট
-ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডেৰাডুন- ১ টেষ্ট
-গান্ধী ষ্টেডিয়াম, জলন্ধৰ- ১ খন টেষ্ট
-বিশ্ববিদ্যালয় খেলপথাৰ, লক্ষ্ণৌ- ১ খন টেষ্ট
-বৰ্ষাপাৰা ষ্টেডিয়াম, গুৱাহাটী- ১ খন টেষ্ট
লগতে পঢ়ক : দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ বিপৰ্যয়; বাহিৰ হ’ল অধিনায়ক শুভমান গিল









