আজি দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী; জি-২০ সন্মিলনত অংশগ্ৰহণ

আজি দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী; জি-২০ সন্মিলনত অংশগ্ৰহণ

দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ নৱেম্বৰ শুকুৰবাৰৰ পৰা ২৩ নৱেম্বৰলৈ জোহান্সবাৰ্গ আৰু দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী গৰাকীয়ে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈ থকা ২০ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ওলাইছে। উল্লেখ্য যে,উন্নয়নশীল দেশসমূহত অনুষ্ঠিত হ’বলগীয়া এইখন একেৰাহে চতুৰ্থখন জি-২০

দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ নৱেম্বৰ শুকুৰবাৰৰ পৰা ২৩ নৱেম্বৰলৈ জোহান্সবাৰ্গ আৰু দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণ কৰিব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈ থকা ২০ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

উল্লেখ্য যে,উন্নয়নশীল দেশসমূহত অনুষ্ঠিত হ’বলগীয়া এইখন একেৰাহে চতুৰ্থখন জি-২০ সন্মিলন।এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীকে ধৰি বহু দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিবলৈ ওলাইছে।এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে জি-২০ এজেণ্ডাৰ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব।

দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ তিনিওটা অধিবেশনতে তেওঁ ভাষণ দিব পাৰে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে তাত উপস্থিত থকা কেইজনমান নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব পাৰে।

দক্ষিণ আফ্ৰিকাই আয়োজন কৰা ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা (আই বি এছ এ) নেতা বৈঠকতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

লগতে পঢ়ক: “মই নীতিশ কুমাৰ…”; দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

শেহতীয়া প্ৰৱন্ধসমূহ