ভাৰতীয় দলৰ অংশ হ’বলৈ কৰিব লাগিব এই কাম! ৰোহিত-বিৰাটক বিচিচিআইৰ নিৰ্দেশ

ভাৰতীয় দলৰ অংশ হ’বলৈ কৰিব লাগিব এই কাম! ৰোহিত-বিৰাটক বিচিচিআইৰ নিৰ্দেশ

ভাৰতীয় দলত অন্তৰ্ভূক্ত হ’বলৈ কৰিব লাগিব এই কাম ! ভাৰতৰ তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ এতিয়াও অনিশ্চয়তাৰ সৃষ্টি হৈয়ে আছে । টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ লোৱা দুয়োগৰাকী ভাৰতীয় ক্ৰিকেট কিংবদন্তি এতিয়া কেৱল এদিনীয়া ক্ৰিকেটত সক্ৰিয় হৈ আছে ।

ভাৰতীয় দলত অন্তৰ্ভূক্ত হ’বলৈ কৰিব লাগিব এই কাম !

ভাৰতৰ তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ এতিয়াও অনিশ্চয়তাৰ সৃষ্টি হৈয়ে আছে । টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ লোৱা দুয়োগৰাকী ভাৰতীয় ক্ৰিকেট কিংবদন্তি এতিয়া কেৱল এদিনীয়া ক্ৰিকেটত সক্ৰিয় হৈ আছে । দলৰ পৰা বাদ পৰা আৰু অৱসৰৰ বিষয়ে জল্পনা-কল্পনাৰ মাজতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এদিনীয়া শৃংখলাত দুয়োজন তাৰকা ভাৰতীয় দললৈ পুনৰ উভতি আহিছিল যদিও তেওঁলোকৰ স্থান এতিয়াও অনিশ্চিত হৈ আছে । ইফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এতিয়া দুয়োকে এক চৰ্ত বান্ধি দিছে । চৰ্ত অনুসৰি ঘৰুৱা ক্ৰিকেট খেলিলেহে টিম ইণ্ডিয়াৰ অংশ হ’ব পাৰিব ৰোহিত শৰ্মা আৰু বিৰাট কোহলী ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰাৰ পিছত বৰ্তমান খেলপথাৰৰ পৰা আঁতৰত আছে বিৰাট আৰু ৰোহিত । শেহতীয়াকৈ টি-২০ ছিৰিজ খেলিছিল টিম ইণ্ডিয়াই আৰু এতিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ছিৰিজ খেলিব । অৱশ্যে ভাৰতীয় দলটোৱে পৰৱৰ্তী সময়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব আৰু তাৰ ঠিক পূৰ্বে বিচিচিআইয়ে দুয়োগৰাকী তাৰকা খেলুৱৈক ঘৰুৱা ক্ৰিকেট খেলাৰ নিৰ্দেশ জাৰি কৰিছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দুয়োগৰাকী প্ৰাক্তন অধিনায়কক ঘৰুৱা এদিনীয়া প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ কৈছে । অৱশ্যে এই প্ৰতিযোগিতা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব । গতিকে ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ ক্ষেত্ৰত এই চৰ্ত প্ৰযোজ্য নহ’ব ।

ভাৰতীয় দলৰ পৰৱৰ্তী এদিনীয়া শৃংখলা নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব, যিটো ২০২৬ চনৰ ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু সেই প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত হ’বলৈ দুয়োজনে এই চৰ্ত পূৰণ কৰিব লাগিব । অৱশ্যে দুয়োগৰাকী তাৰকাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নে নকৰে সেয়া হ’ব লক্ষ্যণীয় ।

অৱশ্যে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰোহিতে ঘৰুৱা ক্ৰিকেট খেলাৰ ইচ্ছা প্ৰকাশ কৰি মুম্বাই ক্ৰিকেট সন্থাক তেওঁৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰিছে । কেৱল বিজয় হাজাৰে ট্ৰফীয়েই নহয়, ইয়াৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীতো ৰোহিত শৰ্মাক খেলা দেখা যাব পাৰে । ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা ১৮ ডিচেম্বৰলৈকে চলিব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত নিৰ্বাচনৰ বাবেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ বাধ্যতামূলক হ’ব নে নহয় সেয়া বৰ্তমান স্পষ্ট নহয় । বিৰাট কোহলীৰ কথা ক’বলৈ গ’লে, প্ৰতিবেদন অনুসৰি বিজয় হাজাৰে ট্ৰফীত তেওঁৰ অংশগ্ৰহণ সম্পৰ্কীয় পৰিস্থিতি বৰ্তমান স্পষ্ট নহয় ।

লগতে পঢ়ক : ইডেনত ভাৰত-দক্ষিণ আফ্ৰিকাৰ অগ্নিপৰীক্ষা; WTCৰ দৌৰত আগত কোন ?