দিল্লী বিস্ফোৰণৰ পৰিস্থিতি বুজ ল’লে ৰাষ্ট্ৰপতিয়ে
১০ নৱেম্বৰ সোমবাৰে ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত সমগ্ৰ দেশৰ কেইবাখনো ডাঙৰ চহৰ হাই এলাৰ্টত আছে । এই ঘটনাত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হৈছে । জানিব পৰা মতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ঘটনা সন্দৰ্ভত এংগোলাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে কথা পাতিছে । দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ সম্পূৰ্ণ তথ্য লয় ৰাষ্ট্ৰপতিগৰাকীয়ে ।
দেওবাৰে এংগোলাৰ ৰাজধানী লুয়াণ্ডাত উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মু । দক্ষিণ আফ্ৰিকাৰ এই দেশখনলৈ ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকীৰ এয়াই আছিল প্ৰথম ৰাজকীয় ভ্ৰমণ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্স হেণ্ডেলত এই কথা ঘোষণা কৰে । ইয়াত উল্লেখ কৰা হৈছে যে এই ভ্ৰমণ ভাৰত আৰু এংগোলাৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কৰা হৈছে ।
ইফালে দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ত এক বৃহৎ বৈঠক আৰম্ভ হৈছে । তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহ সচিব, এন আই এৰ সঞ্চালক প্ৰধান, লগতে তদন্তকাৰী সংস্থাৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে এই বৈঠকত । ইফালে এই বিস্ফোৰণৰ তদন্ত এন আই এৰ হাতত অৰ্পণ কৰা হৈছে ।
উল্লেখ্য যে, দিল্লী বিস্ফোৰণৰ পিছৰে পৰা ৰাজধানী চহৰ হাই এলাৰ্টত আছে । বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই আছে । সন্দেহযুক্ত লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে সংস্থাসমূহে । লগতে কেইবাটাও স্থানত অভিযান চলোৱা হৈছে ।
লগতে পঢ়ক : বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব… ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ









