হজ চুক্তিত স্বাক্ষৰ ভাৰত-চৌদি আৰবৰ; ২০২৬ৰ বাবে ভাৰতৰ কোটা নিৰ্ধাৰণ

হজ চুক্তিত স্বাক্ষৰ ভাৰত-চৌদি আৰবৰ; ২০২৬ৰ বাবে ভাৰতৰ কোটা নিৰ্ধাৰণ

হজ চুক্তিত স্বাক্ষৰ ভাৰত-চৌদি আৰবৰ চৌদি আৰৱৰ জেদ্দাত ২০২৬ চনৰ বাবে দ্বিপাক্ষিক হজ চুক্তিত স্বাক্ষৰ কৰে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে । এই হজ চুক্তিৰ অধীনত ২০২৬ চনৰ বাবে ভাৰতৰ হজ কোটা ১,৭৫,০২৫ গৰাকী হজযাত্ৰী নিৰ্ধাৰণ কৰা হৈছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰিজিজুৱে

হজ চুক্তিত স্বাক্ষৰ ভাৰত-চৌদি আৰবৰ

চৌদি আৰৱৰ জেদ্দাত ২০২৬ চনৰ বাবে দ্বিপাক্ষিক হজ চুক্তিত স্বাক্ষৰ কৰে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে । এই হজ চুক্তিৰ অধীনত ২০২৬ চনৰ বাবে ভাৰতৰ হজ কোটা ১,৭৫,০২৫ গৰাকী হজযাত্ৰী নিৰ্ধাৰণ কৰা হৈছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰিজিজুৱে লিখিছে, “ভাৰত-চৌদি আৰৱৰ সম্পৰ্কত এক উল্লেখযোগ্য পদক্ষেপ । হজ ২০২৬ৰ বাবে স্বাক্ষৰিত দ্বিপাক্ষিক চুক্তি । ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে ১,৭৫,০২৫ হজ কোটা নিশ্চিত । সকলো হজ তীৰ্থযাত্ৰীৰ যাত্ৰা যাতে নিৰাপদ আৰু মসৃণ হয় তাৰ বাবে দুয়োখন দেশৰ প্ৰতিশ্ৰুতি আছে ।”

ৰিজিজুৱে যোৱা ৭-৯ নৱেম্বৰলৈ ছৌদি আৰব ভ্ৰমণ কৰি ছৌদি আৰৱৰ হজ আৰু উমৰাহ মন্ত্ৰী ড০ তৌফিক বিন ফাউজান আল-ৰবিয়াৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই হজ সম্পৰ্কীয় প্ৰস্তুতিসমূহ পৰ্যালোচনা কৰি তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণ, থকাৰ ব্যৱস্থা আৰু স্বাস্থ্যসেৱাৰ সুবিধাসমূহ অধিক উন্নত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে ।

এই বৈঠকৰ পিছতে ভাৰত আৰু চৌদি আৰৱৰ মাজত হজ ২০২৬ৰ বাবে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় । দুয়োখন দেশে ভাৰতীয় তীৰ্থযাত্ৰীসকলে যাতে সুৰক্ষিত, মসৃণ আৰু আধ্যাত্মিক অভিজ্ঞতা লাভ কৰে, তাৰ বাবে সংকল্প লোৱা বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে ।

জেদ্দা বিমানবন্দৰৰ টাৰ্মিনেল ১ আৰু হাৰমাইন ষ্টেচনকে ধৰি কিৰেন ৰিজিজুৱে জেদ্দা আৰু টাইফৰ হজ আৰু উমৰাহ সম্পৰ্কীয় সুবিধাসমূহ পৰিদৰ্শন কৰে । তেওঁ জেদ্দা আৰু ৰিয়াধত থকা ভাৰতীয় মিছন আৰু দূতাবাসৰ বিষয়াসকলৰ সৈতেও সাক্ষাৎ কৰি তেওঁলোকৰ প্ৰস্তুতিৰ প্ৰশংসা কৰে ।

লগতে পঢ়ক : সকলো শিক্ষানুষ্ঠানতে বাধ্যতামূলক হ’ব বন্দে মাতৰমঃ চৰকাৰৰ নিৰ্দেশনা

শেহতীয়া প্ৰৱন্ধসমূহ