নেহা কক্কৰৰ নামত ভুৱা ট্ৰেডিং কেলেংকাৰি!
বলীউডৰ প্ৰতিভাৱান কণ্ঠশিল্পী নেহা কক্কৰ এইকেইদিন শিৰোনামত আছে।আচলতে কণ্ঠশিল্পীগৰাকীৰ নামত প্ৰৱঞ্চকে এগৰাকী মহিলা অধিবক্তাৰ পৰা ৫ লাখ টকা লুটপাত কৰিছে।
যেতিয়া মহিলাগৰাকীৰ ধন হেৰাই যায়, তেতিয়া ভুক্তভোগীয়ে তেওঁক প্ৰতাৰণা কৰা বুলি উপলব্ধি কৰি ৱৰ্লি থানাত এজাহাৰ দাখিল কৰে।এতিয়া আৰক্ষীয়ে এই চাইবাৰ জালিয়াতিৰ গভীৰ তদন্ত কৰি আছে।
আকৌ এবাৰ মুম্বাইত অনলাইন প্ৰৱঞ্চনাৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। এইবাৰ প্ৰৱঞ্চকসকলে চাইবাৰ জালিয়াতিৰ বাবে বলীউডৰ গায়িকা নেহা কক্কৰৰ নাম ব্যৱহাৰ কৰিছে।
ভুৱা ট্ৰেডিং প্লেটফৰ্ম FXOnetৰ জৰিয়তে এগৰাকী মহিলা অধিবক্তাক ৫ লাখ টকা প্ৰতাৰণা কৰা হৈছে।বিষয়টো পোহৰলৈ অহাৰ পিছতে ৱৰ্লি আৰক্ষীয়ে আই টি আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ ওচৰত দাখিল কৰা এফআইআৰ অনুসৰি,ভুক্তভোগী ছাবনাম মহম্মদ হুছেইন চৈয়দ যি ৱৰ্লিৰ বিডিডি চলত থাকে,২০২৫ চনৰ জুন মাহত ইণ্টাৰনেটত এনে কিছুমান ভিডিঅ’ আৰু লেখা পোৱা গৈছিল,য’ত নেহাক এফএক্সঅনেট ট্ৰেডিং প্লেটফৰ্মৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে বৰ্ণনা কৰা হৈছিল।
সেই ভুৱা ভিডিঅ’ আৰু পোষ্টবোৰেও দাবী কৰিছিল যে এফএক্সঅনেট হৈছে “এটা বিশ্বাসযোগ্য আৰু আইনী ট্ৰেডিং প্লেটফৰ্ম।”
ভুক্তভোগী মহিলাগৰাকীৰ মতে, প্ৰৱঞ্চকসকলে তেওঁক এটা ট্ৰেডিং একাউণ্ট খুলি তাত ধন বিনিয়োগ কৰিবলৈ কয়।কেৱল এয়াই নহয়, তেওঁক দৈনিক ‘এক্সপাৰ্ট ইনভেষ্টমেণ্ট টিপছ’ও দিয়া হৈছিল।
এই কথা বিশ্বাস কৰি শ্ববনমে ২০২৫ চনৰ ১৮ জুনৰ পৰা ৯ অক্টোবৰৰ ভিতৰত এইচডিএফচি বেংক একাউণ্টৰ পৰা কেইবাটাও একাউণ্টলৈ মুঠ ৫,০২,০২৫ টকা ট্ৰেন্সফাৰ কৰিছিল।
কিন্তু সময়ৰ লগে লগে যেতিয়া তেওঁ কোনো লাভ কৰা নাছিল, কোনো টকাও নাপালে। তাৰ পিছতেই আৰক্ষীৰ কাষ চাপিছে মহিলা গৰাকী।









