বৰলুইতৰ আকাশত বায়ুসেনাৰ পৰাক্ৰম
৯ নৱেম্বৰ, দেওবাৰে কেতিয়াও নেদেখা দৃশ্যৰ সাক্ষী হয় গুৱাহাটী মহানগৰী । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পূৰ্ণাংগ বায়ুসেনা বাহিনীৰ এয়াৰ শ্ব’ৰ সাক্ষা হয় গুৱাহাটীবাসী । ভাৰতীয় বায়ুসেনা বাহিনীৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মহানগৰীৰ লাচিত ঘাটত দেওবাৰে আয়োজন কৰা হয় এক বিশেষ এয়াৰ শ্ব’ৰ । গুৱাহাটীৰ লাচিত ঘাটত প্ৰদৰ্শন কৰা এই এয়াৰ শ্ব’ত প্ৰতিফলিত হয় বায়ুসেনা বাহিনীৰ শৌৰ্য-বীৰ্য তথা পৰাক্ৰম । ভাৰতৰ বায়ু যোদ্ধাসকলৰ সাহস, নিষ্ঠা আৰু অদম্য মনোভাৱক সন্মান জনাই আয়োজন কৰা এই বৃহৎ এয়াৰ শ্ব’ই মোহিত কৰে সকলোকে ।
দিনৰ ১২:৩০ বজাৰ পৰা ২:০০ বজালৈ গুৱাহাটীৰ ৰাইজ এক বিৰল দৃশ্যৰ সাক্ষী হৈ হয় । গুৱাহাটী, তেজপুৰ, যোৰহাট, চাবুৱা, হাছিমাৰা, বাগডোগ্ৰা আৰু পানাগড়ৰ সাতটা ভিন্ন ঘাটিৰ পৰা ৭৫খনতকৈও অধিক বিমানে বৰলুইতৰ আকাশত দৃষ্টিনন্দন প্ৰদৰ্শন কৰে ।
এই এয়াৰ শ্ব’ত অংশগ্ৰহণ কৰে ভাৰতীয় বায়ুসেনাৰ অত্যধুনিক যুদ্ধবিমান ৰাফেল, ছুখই ৩০ এম কে আই, মিৰাজ, জেগুৱাৰৰ লগতে আপাচে হেলিকপ্টাৰ, আই এল-৭৮ ৰিফিউলাৰ, চি-১৭ গ্লবমাষ্টাৰ আৰু চি-১৩০ হাৰকিউলিছে । আনহাতে সূৰ্য কিৰণ এৰোবেটিক দলেও দৃষ্টিনন্দন প্ৰদৰ্শনেৰে সকলোকে আপ্লুট কৰে । ইয়াৰ উপৰিও অসমে প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই অনুষ্ঠানটো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত হিচাপে পৰিগণিত হয় ।
উল্লেখ্য যে, ফ্লাইপাষ্টৰ সময়ত হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত বজাই অনুষ্ঠানটোত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
লগতে পঢ়ক : আকাশত গৰজিব ৰাফেল আৰু তেজছে… ভাৰতীয় সেনাৰ বৃহৎ প্ৰস্তুতি









