অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত… কেতিয়া হ'ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ ?  

অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত… কেতিয়া হ’ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ ?  

টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলা ২-১ ব্যৱধানত দখল কৰে ভাৰতীয় দলে । ৮ নৱেম্বৰ শনিবাৰে ব্রিজবেনৰ দ্য গাব্বাত অনুষ্ঠিত হয় এই শৃংখলাৰ অন্তিমখন মেচ ৷ অৱশ্যে বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় । উল্লেখ্য যে, ২০০৮ চনৰ পৰা অষ্ট্ৰেলিয়াৰ

টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ  

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলা ২-১ ব্যৱধানত দখল কৰে ভাৰতীয় দলে । ৮ নৱেম্বৰ শনিবাৰে ব্রিজবেনৰ দ্য গাব্বাত অনুষ্ঠিত হয় এই শৃংখলাৰ অন্তিমখন মেচ ৷ অৱশ্যে বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় । উল্লেখ্য যে, ২০০৮ চনৰ পৰা অষ্ট্ৰেলিয়াৰ মাটিত টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই টীম ইণ্ডিয়া । সেই ধাৰা পুনৰ ৰক্ষা কৰে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে ।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত টিম ইণ্ডিয়াই ৫ খন টি-২০ মেচ আৰু তিনিখন এদিনীয়া খেল খেলিছিল । শুভমন গীলৰ অধিনায়কত্বত ভাৰতে ১-২ ব্যৱধানত এদিনীয়া শৃংখলাত পৰাস্ত হয় । অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত ভাৰতীয় খেলুৱৈসকলে বিশেষ বিৰতি নাপাব । ভাৰতীয় দলটোৱে এতিয়া ঘৰুৱা মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া, পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব ।

ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ১৪ নৱেম্বৰত কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব, য’ত এসপ্তাহতকৈও কম সময় বাকী আছে । ইয়াৰ পিছত ২২ নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয় আৰু অন্তিম টেষ্ট মেচ । টেষ্টৰ পিছতে আৰম্ভ হ’ব এদিনীয়া শৃংখলা । ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । দ্বিতীয়খন খেল ৩ ডিচেম্বৰত ৰায়পুৰত অনুষ্ঠিত হ’ব আৰু অন্তিম এদিনীয়া ৬ ডিচেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব ।

কেতিয়া অনুষ্ঠিত হ’ব টি-২০ মেচ ?

এদিনীয়া খেলৰ পিছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই পাঁচখন খেলৰ টি-২০ শৃংখলাত মুখামুখি হ’ব । ৯ ডিচেম্বৰত কটকত অনুষ্ঠিত হ’ব টি-২০ ছিৰিজৰ প্ৰথমখন মেচ । ইয়াৰ পিছত ১১ ডিচেম্বৰ (মুল্লানপুৰ), ১৪ ডিচেম্বৰ (ধৰমশালা), ১৭ ডিচেম্বৰ (লক্নৌ) আৰু ১৯ ডিচেম্বৰ (আহমেদাবাদ)ত অনুষ্ঠিত হ’ব টি-২০ মেচ ।

উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলে টেষ্ট শৃংখলাৰ বাবে নিজৰ দল ঘোষণা কৰিছে । টেষ্ট শৃংখলাত টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে শুভমন গীল, দক্ষিণ আফ্ৰিকাৰ দলৰ নেতৃত্ব দিব টেম্বা বাভুমাই । এদিনীয়া আৰু টি-২০ শৃংখলাৰ দল এতিয়াও চূড়ান্ত হোৱা নাই ।

টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়া :

শুভমন গীল (অধিনায়ক), ঋষভ পন্ট (উপ-অধিনায়ক/উইকেটকীপাৰ), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পাদ্দিকল, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ আৰু আকাশ দীপ ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াত মেন ইন ব্লুৰ পৰাক্ৰম; ২-১ ব্যৱধানত শৃংখলা দখল ভাৰতীয় দলৰ