কোকৰাঝাৰত ৰে’লপথত আই ই ডি বিস্ফোৰণ; ৰে’ল সেৱা প্ৰভাৱিত

ৰে’লপথত আই ই ডি বিস্ফোৰণ কোকৰাঝাত বৃহস্পতিবাৰে পুৱা ৰে’লপথত এক আই ই ডি বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণত ৰে’লপথটো বিচ্ছিন্ন হৈ যাই । ফলত অসম আৰু উত্তৰ বংগৰ কেইবাটাও অঞ্চলৰ ৰে’ল সেৱাত ব্যাঘাত জন্মে । কোকৰাঝাৰ ৰে’ল ষ্টেচনৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ ছালাকাটিত

ৰে’লপথত আই ই ডি বিস্ফোৰণ

কোকৰাঝাত বৃহস্পতিবাৰে পুৱা ৰে’লপথত এক আই ই ডি বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণত ৰে’লপথটো বিচ্ছিন্ন হৈ যাই । ফলত অসম আৰু উত্তৰ বংগৰ কেইবাটাও অঞ্চলৰ ৰে’ল সেৱাত ব্যাঘাত জন্মে । কোকৰাঝাৰ ৰে’ল ষ্টেচনৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ ছালাকাটিত সংঘটিত হয় এই বিস্ফোৰণ । বিস্ফোৰণৰ ফলত প্ৰায় তিনিফুট দৈৰ্ঘ্যৰ ৰে’লপথ ছিন্নভিন্ন হৈ কেইবা মিটাৰ দূৰৈত সিঁচৰতি হৈ পৰে । এই ঘটনাত কোনো লোক হতাহত হোৱা বা ৰে’ল লাইনচ্যুত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই ।

কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে ট্ৰেকটোৰ এটা সৰু অংশৰ ক্ষতিসাধন হৈছে । ইতিমধ্যে ক্ষতি হোৱা ট্ৰেকটো মেৰামতি কৰা হৈছে । এতিয়া পুনৰ ৰেল সেৱা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে । ৰে’ল আৰু নিৰাপত্তা বিষয়াসকলে ক্ষতিগ্ৰস্ত অঞ্চলটো ভালদৰে পৰিদৰ্শন কৰি ৰে’ল সেৱা পুনৰ আৰম্ভ কৰে । ইফালে নিৰাপত্তা কটকটীয়া কৰাৰ লগতে বিস্ফোৰণৰ সৈতে জড়িত ব্যক্তিক আটক কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক : নামচাইত সেনা-আলফা (স্বাঃ)ৰ সংঘৰ্ষঃ নিহত আলফা কেডাৰ

শেহতীয়া প্ৰৱন্ধসমূহ