আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া; মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ অশ্ৰুঅঞ্জলি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া জুবিনবিহীন আজি ৩০টা দিন। সেই অভিশপ্ত দিনটোতেই সমগ্ৰ অসমবাসীক কন্দোৱাই অজান দেশলৈ গুচি গ’ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। শুক্ৰবাৰেৰ মাজনিশা জুবিন ক্ষেত্ৰত উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামি বৰঠাকুৰ। প্ৰিয়জনৰ শয়নস্থলীত ধূপ-চাকি জ্বলাই সেৱা জনালে

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া

জুবিনবিহীন আজি ৩০টা দিন। সেই অভিশপ্ত দিনটোতেই সমগ্ৰ অসমবাসীক কন্দোৱাই অজান দেশলৈ গুচি গ’ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

শুক্ৰবাৰেৰ মাজনিশা  জুবিন ক্ষেত্ৰত উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামি বৰঠাকুৰ। প্ৰিয়জনৰ শয়নস্থলীত ধূপ-চাকি জ্বলাই সেৱা জনালে গৰিমা শইকীয়া গাৰ্গে।

মাজনিশা সমাধিস্থলীত শ্ৰদ্ধাঞ্জলী জনাই কান্দোনত ভাগি পৰিল তেওঁ।সহস্ৰ অনুৰাগীৰ ‘মায়াবিনী’গীতেৰে মুখৰ হ’ল জুবিন ক্ষেত্ৰ।

সোণাপুৰত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে কয় যে, মোৰ যেতিয়াই জুবিনক কিবা কবলগীয়া থাকিব, তেতিয়াই মই সমাধিলৈ আহিম। জুবিনে মোৰ মনৰ কথা শুনিব ,মোক আশীৰ্বাদ দিব।

মই তেওঁক সকলো কথা ক’ম।জুবিনৰ লগত শুক্ৰবাৰে ঘটনাটো হৈছিল গতিকে প্ৰতিটো শুক্ৰবাৰে ইয়ালৈ আহিম। জুবিনে বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব।

আমাৰ সকলোৰে ওপৰত বিশ্বাস ৰাখি জুবিনে সকলো কাম কৰি গৈছে। অসমীয়া ৰাইজৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল।

সেয়ে তেওঁৰ বাকিখিনি সকলো দায়িত্ব জুবিন গাৰ্গে আমাৰ ওপৰতে অৰ্পণ কৰি থৈ গৈছে।আমি সকলোৱে হাতত হাত ধৰি আগবাঢ়ি যাব লাগিব।

তেওঁ লগতে কয় যে, যিদৰে সমাধিক্ষেত্ৰ পূণ্যভূমিলৈ পৰিণত হ’ল সেইদৰে অসমখন পূণ্যভূমিলৈ পৰিণত কৰিব লাগিব।

জুবিনৰ সপোনৰ বৰঅসমখন আমি সকলোৱে ধৰি ৰাখিব লাগিব।এখন বৰঅসম জুবিনক উপহাৰ দিয়াটো আমাৰ সকলোৰে দায়িত্ব।আৰু সেয়াই হ’ব জুবিনৰ সপোনৰ অসমখন।জুবিনৰ আদৰ্শক আমি সদায় জীয়াই ৰাখিম।

লগতে পঢ়ক: ১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ শেখৰ-অমৃতপ্ৰভাক; আৰম্ভ জে’ল যাত্ৰা