জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথমটো বিবৃতি...

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথমটো বিবৃতি…

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথমটো বিবৃতি জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথম প্ৰতিক্ৰিয়া দিছে। এক বিবৃতিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰাথমিক তদন্তত কোনো ষড়যন্ত্ৰৰ সন্দেহ কৰা নাই ছিংগাপুৰ আৰক্ষীয়ে। অৱশ্যে তদন্ত সম্পূৰ্ণ হ’বলৈ আৰু ৩ মাহ সময়ৰ প্ৰয়োজন হ’ব

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথমটো বিবৃতি

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথম প্ৰতিক্ৰিয়া দিছে। এক বিবৃতিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰাথমিক তদন্তত কোনো ষড়যন্ত্ৰৰ সন্দেহ কৰা নাই ছিংগাপুৰ আৰক্ষীয়ে।

অৱশ্যে তদন্ত সম্পূৰ্ণ হ’বলৈ আৰু ৩ মাহ সময়ৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে।৩ মাহৰ অন্তত আদালতৰ সন্মুখত দাঙি ধৰা প্ৰতিবেদন।এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ন্যায়িক বিষয়াই ল’ব পৰৱৰ্তী তদন্তৰ সিদ্ধান্ত।

তদন্ত অন্ত হোৱাৰ পিছতহে সকলো কথা ৰাজহুৱা কৰা হ’ব ।ইতিমধ্যে ১ অক্টোবৰত ভাৰতৰ হাই কমিছনক ছিংগাপুৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান কৰিছে।

ছিংগাপুৰ আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। ইয়াৰ বাবে সকলোকে ধৈৰ্য ধৰাৰ আহ্বান ছিংগাপুৰ আৰক্ষীৰ। তাৰ লগতে সমগ্ৰ ঘটনাক লৈ ভুৱা প্ৰচাৰ নচলবালৈ আহ্বান জনাইছে।

লগতে পঢ়ক: ‘কেৱল মোৰ স্বামীক হেৰুওৱা নাই…’ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট

শেহতীয়া প্ৰৱন্ধসমূহ