প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ; সাক্ষৰিত হ’ল ৬খনকৈ চুক্তি

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ মংগোলীয় ৰাষ্ট্ৰপতি খুৰেলসুখ উখনাই দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হয় । দুয়োগৰাকী নেতাই শিক্ষা, শক্তি, প্ৰতিৰক্ষা, সংস্কৃতি, নিৰাপত্তাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে । দুয়োখন দেশৰ মাজত ৬খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । ইয়াৰ ভিতৰত মানৱীয় সাহায্য,

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ

মংগোলীয় ৰাষ্ট্ৰপতি খুৰেলসুখ উখনাই দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হয় । দুয়োগৰাকী নেতাই শিক্ষা, শক্তি, প্ৰতিৰক্ষা, সংস্কৃতি, নিৰাপত্তাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে । দুয়োখন দেশৰ মাজত ৬খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । ইয়াৰ ভিতৰত মানৱীয় সাহায্য, মংগোলিয়াৰ ঐতিহাসিক স্থানসমূহ মেৰমতি, অনুপ্ৰৱেশ, খনিজ অন্বেষণ, ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা আদি অন্যতম ।

ভাৰতৰ সহায়ত মংগোলিয়াত এটা তেল শোধনাগাৰ নিৰ্মাণ কৰি থকা হৈছে আৰু  ২০২৮ চনত ইয়াৰ কাম আৰম্ভ হোৱাৰ কথা । এই শোধনাগাৰটো ১.৭ বিলিয়ন ডলাৰ (প্ৰায় ১৭,০০০ কোটি টকা)ভাৰতীয় ঋণৰ সহায়ত নিৰ্মাণ কৰা হৈছে । ই বছৰি ১৫ লাখ মেট্ৰিক টন খাৰুৱা তেল অৰ্থাৎ দৈনিক প্ৰায় ৩০ হাজাৰ বেৰেল তেল শোধন কৰিব । মংগোলিয়াই দেশখনত তেল আৰু গেছৰ সন্ধান কৰা ভাৰতীয় কোম্পানীসমূহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে মংগোলীয় নাগৰিকে এতিয়া ভাৰত ভ্ৰমণৰ বাবে বিনামূলীয়া ই-ভিছা লাভ কৰিব । লাডাখ আৰু মংগোলিয়াৰ আৰ্খাংগাই প্ৰদেশৰ মাজত স্থানীয় সহযোগিতা বৃদ্ধিৰ বাবেও এক নতুন চুক্তি স্বাক্ষৰিত হয় । মংগোলীয় যুৱক-যুৱতীসকলক ভাৰতত সাংস্কৃতিক ৰাষ্ট্ৰদূত হোৱাৰ সুযোগ প্ৰদান কৰিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে ।

তদুপৰি দুয়োখন দেশৰ শিক্ষা আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি কৰা হ’ব । মংগোলিয়াৰ গণ্ডন মঠ আৰু ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ মাজত এক বিশেষ অংশীদাৰিত্ব স্থাপন কৰা হৈছে । ভাৰতে এতিয়া মংগোলিয়াৰ সীমান্ত সুৰক্ষা বাহিনীক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকৰ বাবে নতুন কাৰ্যসূচী আৰম্ভ কৰিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰত আৰু মংগোলিয়াৰ সম্পৰ্ক কেৱল কূটনৈতিক সম্পৰ্কত সীমাবদ্ধ নহয়, বৰঞ্চ আধ্যাত্মিক আৰু অন্তৰংগ বন্ধনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । তেওঁ কয়, “আমাৰ সম্পৰ্কৰ প্ৰকৃত গভীৰতা আমাৰ জনসাধাৰণৰ সম্পৰ্কত প্ৰতিফলিত হয় । যুগ যুগ ধৰি দুয়োখন দেশ বৌদ্ধ ধৰ্মৰ সূতাৰে বান্ধ খাই আছে । ইয়াৰ বাবেই আমাক আধ্যাত্মিক ভাতৃ বুলি কোৱা হয় ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “মই ঘোষণা কৰি সুখী যে অহা বছৰ ভগৱান বুদ্ধৰ দুগৰাকী মহান শিষ্য শৰীপুত্ৰ আৰু মৌদগল্যায়নৰ পবিত্ৰ অৱশেষ ভাৰতৰ পৰা মংগোলিয়ালৈ প্ৰেৰণ কৰা হ’ব । এই পদক্ষেপে দুয়োখন দেশৰ বৌদ্ধিক আৰু ধৰ্মীয় সম্পৰ্ক আৰু অধিক গভীৰ কৰিব ।”

লগতে পঢ়ক : নতুন গতিত ভাৰত-কানাডাৰ সম্পৰ্ক; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কানাডাৰ বিদেশ মন্ত্ৰীৰ