প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দৰ
সোমবাৰে কানাডাৰ বৈদেশিক মন্ত্ৰী অনিতা আনন্দৰ সৈতে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-কানাডাৰ সম্পৰ্ক, বিশেষকৈ বাণিজ্য, শক্তি, প্ৰযুক্তি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত আলোকপাত কৰে ।
এক বিবৃতিত উল্লেখ কৰা হৈছে যে, বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বৰ্ষৰ জুন মাহত কানাডা ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে জি-৭ সন্মিলনৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে তেওঁৰ এক অতি অৰ্থপূৰ্ণ বৈঠক হৈছিল । বিবৃতিটোত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত বাণিজ্য, শক্তি, প্ৰযুক্তি, কৃষি আৰু জনসাধাৰণৰ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কাৰ্নীৰ সৈতে আগন্তুক বৈঠকৰ বাবে তেওঁ আগ্ৰহেৰে বাট চাই আছে ।
দেওবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হয় অনিতা আনন্দ । ভাৰতৰ লগতে তেওঁ চীন আৰু ছিংগাপুৰ ভ্ৰমণো কৰিব । খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত তেতিয়াৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই ঘটনাত ভাৰতৰ সম্ভাৱ্য সম্পৰ্ক থকাৰ অভিযোগ উত্থাপনৰ পিছতে ২০২৩ চনত ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটিছিল ।
কিন্তু এপ্ৰিল মাহত সংসদীয় নিৰ্বাচনত লিবাৰেল পাৰ্টিৰ নেতা মাৰ্ক কাৰ্নীৰ জয় আৰু প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে । জুন মাহত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু কাৰ্নীৰ মাজত হোৱা আলোচনাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক উন্নত হোৱাৰ দিশে গতি কৰিছে ।
ইফালে সোমবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাই বাণিজ্য, বিনিয়োগ, জটিল খনিজ, শক্তি আৰু অসামৰিক পাৰমাণৱিক সহযোগিতাৰ ক্ষেত্ৰত সম্পৰ্ক আগুৱাই নিয়াৰ বাবে এক অভিলাষী কাৰ্য্য পৰিকল্পনা যুগুত কৰিছে । কানাডাৰ বৈদেশিক মন্ত্ৰী অনিতা আনন্দৰ সৈতে হোৱা বাৰ্তালাপত জয়শংকৰে এই মন্তব্য কৰে ।
লগতে পঢ়ক : ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে; নেতানিয়াহুক লৈয়ো কৰিলে বিশেষ মন্তব্য









