দিল্লীত জয়ৰ কাষ চাপিছে টিম ইণ্ডিয়া

দিল্লীত জয়ৰ কাষ চাপিছে টিম ইণ্ডিয়া; কুলদীপৰ পিছত জিলিকি উঠিল বুমৰাহ

দিল্লীত জয়ৰ কাষ চাপিছে টিম ইণ্ডিয়া দিল্লী টেষ্টৰ চতুৰ্থ দিনৰ শেষলৈকে ভাৰতীয় দলটোৱে এটা উইকেট হেৰুৱাই ৬৩ ৰান সংগ্ৰহ কৰিছে । টিম ইণ্ডিয়াই জয়ী হ’বলৈ এতিয়াও আৰু ৫৮ ৰান সংগ্ৰহ কৰিব লাগিব । চতুৰ্থ দিনা ষ্টাম্পলৈকে ক্ৰীজত আছে কে এল ৰাহুল আৰু সাই সুদৰ্শন ।

দিল্লীত জয়ৰ কাষ চাপিছে টিম ইণ্ডিয়া

দিল্লী টেষ্টৰ চতুৰ্থ দিনৰ শেষলৈকে ভাৰতীয় দলটোৱে এটা উইকেট হেৰুৱাই ৬৩ ৰান সংগ্ৰহ কৰিছে । টিম ইণ্ডিয়াই জয়ী হ’বলৈ এতিয়াও আৰু ৫৮ ৰান সংগ্ৰহ কৰিব লাগিব । চতুৰ্থ দিনা ষ্টাম্পলৈকে ক্ৰীজত আছে কে এল ৰাহুল আৰু সাই সুদৰ্শন । চতুৰ্থ দিনা ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছ ৩৯০ ৰানত সমাপ্ত হোৱাৰ বিপৰীতে ভাৰতীয় দলে প্ৰথম ইনিংছত অগ্ৰগতিৰ ভিত্তিত ১২১ ৰানৰ লক্ষ্য লাভ কৰে ।

চতুৰ্থ দিনটোত ৱেষ্ট ইণ্ডিজে নিজৰ স্ক’ৰ ১৭০/২ লৈ বৃদ্ধি কৰে । তৃতীয় স্থানত শ্বাহী হোপ আৰু জন কেম্পবেলে ১৩৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । চতুৰ্থ দিনা দুয়োজনে সহজভাৱে ইনিংছ অব্যাহত ৰাখে । শ্বাহী হোপে নিজৰ টেষ্ট কেৰিয়াৰৰ তৃতীয়টো শতক অৰ্জন কৰে । হোপৰ ৮ বছৰৰ পিছত টেষ্ট শতক অৰ্জন কৰে । তেওঁ ১০৩ ৰান সংগ্ৰহ কৰে ।

আনহাতে জন কেম্পবেলে ১১৫ ৰান সংগ্ৰহ কৰে । কেম্পবেল আৰু হোপে ১৭৭ ৰানৰ অংশীদাৰিত্ব গঢ়ি ৱেষ্ট ইণ্ডিজক ইনিংছৰ পৰাজয়ৰ পৰা ৰক্ষা কৰে । ৱেষ্ট ইণ্ডিজে ২৭১ ৰানত চতুৰ্থ উইকেট হেৰুৱাইছিল যেতিয়া হোপে ১০৩ ৰানত আউট হৈছিল । ইয়াৰ পিছত উইকেটৰ পতন আৰম্ভ হয় । ৪০ ৰানৰ ভিতৰত পৰৱৰ্তী ৫টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজ দলে ।

জেডেন ছিলছ আৰু জাষ্টিন গ্ৰীভছে দশম উইকেটত ৭৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি দলটোক ৩৯০ ৰানলৈ লৈ যায় । চতুৰ্থ দিনত ৱেষ্ট ইণ্ডিজৰ নিম্ন ক্ৰমৰ বেটছমেনক পেভিলিয়নৰ বাট দেখুৱাই যশপ্ৰীত বুমৰাহে । ৱেষ্ট ইণ্ডিজৰ শেষৰ ৩ জন বেটছমেনক বুমৰাহে আউট কৰে ।

ভাৰতৰ সন্মুখত ১২১ ৰানৰ লক্ষ্য-

টিম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজক ফ’ল’ অন খেল খেলাই । অগ্ৰগতিৰ বাবে ভাৰতীয় দলটোৱে ১২১ ৰানৰ লক্ষ্য লাভ কৰে । দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালে বেটিং কৰিবলৈ আহিছিল যদিও মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি আউট হয় । চতুৰ্থ দিনটোত ভাৰতে কেলৱ জয়ছোৱালৰ উইকেট হেৰুৱাই । কে এল ৰাহুলে ২৫ ৰান আৰু সুদৰ্শনে ৩০ ৰান সংগ্ৰহ কৰি খেলি আছে । পঞ্চম দিনা জয়ী হ’বলৈ আৰু মাত্ৰ ৫৮ ৰানহে কৰিব লাগিব টিম ইণ্ডিয়াই ।

লগতে পঢ়ক : স্মৃতি মন্ধানাই ৰচিলে ইতিহাস: এটা বছৰতে মহিলা ODI ত সম্পূৰ্ণ কৰিলে হাজাৰ ৰান

শেহতীয়া প্ৰৱন্ধসমূহ