শান্তিৰ ন’বেল বঁটা বিজয়ীসকলে কি কি লাভ কৰে?

শান্তিৰ ন’বেল বঁটা বিজয়ীসকলে কি কি লাভ কৰে? কোনে কৰে বাছনি?

শান্তিৰ ন’বেল বঁটা বিজয়ীসকলে কি কি লাভ কৰে? ভেনিজুৱেলাৰ নেত্ৰী মাৰিয়া কোৰিনা মাচাডোক ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হৈছে।তেওঁক এই বঁটা দিয়া হৈছে কাৰণ, তেওঁ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰখনত ধাৰাবাহিকভাৱে অৱদান আগবঢ়াই আহিছে। শুকুৰবাৰে বিয়লি নৰৱেৰ ন’বেল কমিটীয়ে ঘোষণা কৰে যে মাৰিয়া

শান্তিৰ ন’বেল বঁটা বিজয়ীসকলে কি কি লাভ কৰে?

ভেনিজুৱেলাৰ নেত্ৰী মাৰিয়া কোৰিনা মাচাডোক ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হৈছে।তেওঁক এই বঁটা দিয়া হৈছে কাৰণ, তেওঁ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰখনত ধাৰাবাহিকভাৱে অৱদান আগবঢ়াই আহিছে।

শুকুৰবাৰে বিয়লি নৰৱেৰ ন’বেল কমিটীয়ে ঘোষণা কৰে যে মাৰিয়া কোৰিনা মাচাডোক এইবাৰৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হ’ব।

এইটো হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু সন্মানীয় বঁটা। এইবাৰ সমিতিখনে মুঠ ৩৩৮টা মনোনয়ন লাভ কৰে।ইয়াৰ ভিতৰত আছিল ২৪৪ জন ব্যক্তি আৰু ৯৪ টা সংগঠন।

নৰৱেৰ ন’বেল ইনষ্টিটিউটত এই বঁটা ঘোষণা কৰি ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:৩০ বজাত এই বঁটা ৰাজহুৱা কৰা হয়।

ন’বেল বঁটা বিজয়ীসকলক ডিপ্লমা আৰু স্বৰ্ণ পদক প্ৰদান কৰা হয়।ইয়াৰ লগতে বিজয়ীসকলক এক ধনৰাশিও দিয়া হয়।

এই বছৰ এই ধনৰাশি ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (১০.৩৬ কোটি টকা) হিচাপে ৰখা হৈছে।অৱশ্যে এই বঁটাৰ লগত কোনো অতিৰিক্ত চৰকাৰী সা-সুবিধা বা নিৰাপত্তা নাহে।

এই ন’বেল বঁটা ১৯০১ চনত আৰম্ভ হৈছিল।ইয়াক প্ৰতিষ্ঠা কৰিছিল আলফ্ৰেড নোবেলে, যি ছুইডেনৰ এজন বিখ্যাত বিজ্ঞানী,ৰসায়নবিদ আৰু ডাইনামাইটৰ উদ্ভাৱক আছিল। ১৯০১ চনত প্ৰথমবাৰৰ বাবে পাঁচটা ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা হৈছিল।

প্ৰতি বছৰে ছুইডেনৰ ষ্টকহ’মত ন’বেল বঁটা প্ৰদানৰ বাবে এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হয়।কিন্তু, নৰৱেৰ অছলোত শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা হয়।এই অনুষ্ঠানসমূহত ৰাজপৰিয়ালৰ সদস্য, বিশিষ্ট নেতা, বিজ্ঞানী আৰু বহু পৰিচিত ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা; লাছলো ক্ৰাছনাহৰ্কাইলৈ এই সন্মান

শেহতীয়া প্ৰৱন্ধসমূহ