‘কান্তৰা অধ্যায় ১’ এ সৃষ্টি কৰিলে নতুন ইতিহাস
ঋষভ শ্বেট্টীৰ ব্লকবাষ্টাৰ ছবি ‘কান্তাৰা অধ্যায় ১’এ সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে। ছবিখনে দ্বিতীয় সপ্তাহৰ শেষৰ ফালে ছবিগৃহত পুনৰ গতি লাভ কৰিছে।
এই আঠটা দিনত ছবিখনে বিশ্বজুৰি ৫০০ কোটি টকা উপাৰ্জন কৰিছে।কানাড়া যুগৰ একচন মহাকাব্যই দৰ্শকৰ লগতে চেলিব্ৰিটিৰ পৰাও প্ৰশংসা লাভ কৰিছে।
‘কান্তাৰা অধ্যায় ১’ মুক্তিৰ আঠ নম্বৰৰ দিনটোত ২০.৫০ কোটি টকা উপাৰ্জন কৰে। ছবিখনত ঋষভৰ উপৰিও ৰুক্মিণী বসন্ত, গুলচন দেৱৈয়া আৰু জয়ৰামে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
২০২২ চনত মুক্তি পোৱা কান্তৰাৰ প্ৰিক্যুৱেল এই ছবিখন।ছবিখনে বহু অভিলেখ গঢ়িছে যদিও এই বছৰৰ ৩খন ব্লকবাষ্টাৰ ছবিৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হোৱা নাই।
পৰিচালকে কানাড়া, তেলেগু, হিন্দী, তামিল আৰু মালয়ালম ভাষাত কান্তৰা অধ্যায় ১ ছবিখন মুক্তি দিছে ।
লগতে পঢ়ক: হৃদৰোগত আক্ৰান্ত হৈ বডি বিল্ডাৰ বৰিন্দৰ ঘুমনৰ মৃত্যু…









