প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফল
১০ অক্টোবৰ, শুকুৰবাৰে ঘোষণা কৰা হ’ব বহু প্ৰতীক্ষিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল । কাইলৈ পুৱা ১০.৩০ বজাত এই ফলাফল ঘোষণা কৰা হ’ব । ইতিমধ্যে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা হৈ গৈছে । পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই ১০ অক্টোবৰত ঘোষণা কৰা হব এই ফলাফল ।
আজি সামাজিক মাধ্যমযোগে এই ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে-“অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফল পূৰ্বে ঘোষণা কৰা অনুসৰি কাইলৈ অৰ্থাত ১০ অক্টোবৰৰ পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ’ব । পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।“
পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফলসমূহ www.sebaonline.org আৰু www.assam.gov.in ৱেবছাইটযোগে চাব পাৰিব । কাইলৈ ১০.৩০ বজাৰ পৰা এই ৱেবছাইটত উপলব্ধ হ’ব ফলাফলসমূহ ।
উল্লেখ্য যে, ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হৈছিল প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় বৰ্গৰ পৰীক্ষা । অসম চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ ৭,৬৫০ টা তৃতীয় বৰ্গৰ পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল ।
লগতে পঢ়ক : ADRE পৰীক্ষাৰ্থী লৈ আহি গ’ল ডাঙৰ খবৰ; ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা









