মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপ কৰা অধিবক্তাৰ স্পষ্টীকৰণ

‘আক্ষেপ নকৰোঁ’; মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপ কৰা অধিবক্তাৰ স্পষ্টীকৰণ

মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপ কৰা অধিবক্তাৰ স্পষ্টীকৰণ মুখ্য ন্যায়াধীশ বি আৰ গাভাইলৈ জোতা নিক্ষেপ কৰা অধিবক্তা ৰাকেশ কিশোৰে শেহতীয়াকৈ স্পষ্টীকৰণ প্ৰদান কৰিছে । তেওঁ মুখ্য ন্যায়াধীশৰ মন্তব্যত আঘাত পোৱা বুলি উল্লেখ কৰি তেওঁৰ এই কাৰ্যৰ বাবে কোনো আক্ষেপ বা অনুশোচনা নাই বুলি মন্তব্য কৰে ।

মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপ কৰা অধিবক্তাৰ স্পষ্টীকৰণ

মুখ্য ন্যায়াধীশ বি আৰ গাভাইলৈ জোতা নিক্ষেপ কৰা অধিবক্তা ৰাকেশ কিশোৰে শেহতীয়াকৈ স্পষ্টীকৰণ প্ৰদান কৰিছে । তেওঁ মুখ্য ন্যায়াধীশৰ মন্তব্যত আঘাত পোৱা বুলি উল্লেখ কৰি তেওঁৰ এই কাৰ্যৰ বাবে কোনো আক্ষেপ বা অনুশোচনা নাই বুলি মন্তব্য কৰে । অসন্তুষ্টি প্ৰকাশ কৰি অধিবক্তা ৰাকেশ কিশোৰে কয় যে সনাতন ধৰ্ম সম্পৰ্কীয় গোচৰ আহিলেই উচ্চতম ন্যায়ালয়ে একেধৰণৰ নিৰ্দেশ জাৰি কৰে । চি জে আইলৈ জোতা নিক্ষেপ কৰাৰ চেষ্টাৰ পিছতে অভিযুক্ত অধিবক্তা ৰাকেশ কিশোৰক নিলম্বন কৰা হৈছে ।

অধিবক্তা ৰাকেশ কিশোৰে কয়, “মই আঘাত পাইছিলোঁ… মই কোনো নিচাত নাছিলোঁ । তেওঁৰ কামৰ প্ৰতি মোৰ এয়া প্ৰতিক্ৰিয়া আছিল । মোৰ এই কাৰ্য্যৰ বাবে মই ভয় কৰা নাই, দুখো নাই । ১৬ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশৰ আদালতত জনস্বাৰ্থৰ গোচৰ ৰুজু হৈছিল । মুখ্য ন্যায়াধীশে ইয়াক উপহাস কৰি কয় যে, ‘যাওক আৰু মূৰ্তিটোক প্ৰাৰ্থনা কৰক আৰু ইয়াক আপোনাৰ মূৰটো ঘূৰাই দিবলৈ কওক…’ যেতিয়া আমাৰ সনাতন ধৰ্মৰ সৈতে জড়িত কোনো গোচৰ উচ্চতম ন্যায়ালয়লৈ আহে তেতিয়া এনে আদেশ দিয়ে । আবেদনকাৰীক কোনো যদি সকাহ নিদিয়ে তেন্তে নিদিব, কিন্তু তেওঁক ঠাট্টাও নকৰিব ।”

ন্যায়পালিকাৰ সৰ্বোচ্চ পদত অধিষ্ঠিত ব্যক্তিজনৰ বিৰুদ্ধে কৰা কামৰ সন্দৰ্ভত নিলম্বিত অধিবক্তাগৰাকীয়ে কয়, “ইমান উচ্চ সাংবিধানিক পদত অধিষ্ঠিত চি জে আইয়ে চিন্তা কৰা উচিত । তেওঁ ‘মাই লৰ্ড’ শব্দৰ অৰ্থ বুজিব লাগে আৰু ইয়াৰ মৰ্যাদা বজাই ৰাখিব লাগে । মৰিচাছলৈ গ’লে আপুনি কয় যে দেশ বুলডজাৰেৰে নচলে । মই চি জে আইক সুধিব বিচাৰো, চৰকাৰী সম্পত্তি বেদখল কৰা সকলৰ বিৰুদ্ধে যোগী আদিত্যনাথৰ এই ব্যৱস্থা ভুল নেকি । মই আঘাত পাইছো আৰু আঘাত পাই থাকিম ।”

লগতে পঢ়ক : মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ; জোতা নিক্ষেপ কৰাৰ ঘটনাক নিন্দা

শেহতীয়া প্ৰৱন্ধসমূহ