দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা
দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । নৱমীৰ নিশা টীয়কৰ ভগামুখ থানাৰ অন্তৰ্গত মৰিজাঁজীৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই শোকাৱহ দুৰ্ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু হয় । নৱমীৰ নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই ঘটনা । ইফালে এই ঘটনাত উপ-পৰিদৰ্শক মৰমী দাস, স্থানীয় এজন ব্যক্তিসহ আন ৫গৰাকী জোৱান আহত হয় ।
স্থানীয় লোকে জনোৱা মতে ভাগামখৰ পৰা বনাই অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই আৰক্ষীৰ বাহনখনে গছত খুন্দা মাৰি দ খাৱৈত পৰি যায় । স্থানীয় লোকে ততাতৈয়াকৈ আটাইকেইজনকে উদ্ধাৰ কৰি টীয়ক এফ আৰ ইউলৈ প্ৰেৰণ কৰে যদিও সত্যেন্দ্ৰ মালাকাৰক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
আনহাতে গুৰুতভাৱে আহত আৰক্ষীকেইজনৰ লগতে স্থানীয় ব্যক্তি পৱন গগৈক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন









