ভূটানৰ সৈতে ক্ৰছ বৰ্ডাৰ ৰে’ল প্ৰকল্পৰ ঘোষণা ভাৰতৰ

ভূটানৰ সৈতে ক্ৰছ বৰ্ডাৰ ৰে’ল প্ৰকল্পৰ ঘোষণা ভাৰতৰ

ভূটানৰ সৈতে ক্ৰছ বৰ্ডাৰ ৰে’ল প্ৰকল্পৰ ঘোষণা ভাৰতৰ সোমবাৰে ভাৰতে ভূটানৰ সৈতে দুটা নতুন ৰে’ল প্ৰকল্পৰ কথা ঘোষণা কৰে । চৰকাৰে কয় যে ভূটানৰ চহৰ ছামচে আৰু গেলেফুলৈ চাৰি হাজাৰ কোটিৰো অধিক ব্যয় সাপেক্ষে দুয়োখন দেশৰ সীমা অতিক্ৰম কৰা অথবা ক্ৰছ বৰ্ডাৰ ৰে’ল সংযোগ স্থাপন

ভূটানৰ সৈতে ক্ৰছ বৰ্ডাৰ ৰে’ল প্ৰকল্পৰ ঘোষণা ভাৰতৰ

সোমবাৰে ভাৰতে ভূটানৰ সৈতে দুটা নতুন ৰে’ল প্ৰকল্পৰ কথা ঘোষণা কৰে । চৰকাৰে কয় যে ভূটানৰ চহৰ ছামচে আৰু গেলেফুলৈ চাৰি হাজাৰ কোটিৰো অধিক ব্যয় সাপেক্ষে দুয়োখন দেশৰ সীমা অতিক্ৰম কৰা অথবা ক্ৰছ বৰ্ডাৰ ৰে’ল সংযোগ স্থাপন কৰা হ’ব ।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদ মাধ্যমৰ আগত এই ৰে’ল প্রকল্পসমূহৰ কথা ঘোষণা কৰে ৷ মিশ্ৰীয়ে কয় যে দুয়োখন চৰকাৰে বানাৰহাট (পশ্চিম বংগ)ক সামচেৰ সৈতে আৰু কোকৰাঝাৰ (অসম)ক গেলেফুৰ সৈতে সংযোগ কৰা দুয়ো দেশৰ সীমা অতিক্ৰম কৰা ৰে’ল সংযোগ স্থাপনৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।

তেওঁ কয় যে ভাৰত আৰু ভূটানৰ মাজত অসাধাৰণ বিশ্বাস, পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ সম্পৰ্ক আছে । যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণৰ সময়ত ৰে’ল সংযোগ স্থাপনৰ চুক্তি স্বাক্ষৰিত হৈছিল ।

বৈষ্ণৱে কয় যে এই প্ৰকল্পসমূহ ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ পৰা আৰম্ভ হ’ব । তেওঁ কয় যে প্ৰায় ৪,০৩৩ কোটি বিনিয়োগৰ প্ৰস্তাৱ দিয়া হৈছে । এই পদক্ষেপৰ অধীনত ৮৯ কিলোমিটাৰ দৈৰ্ঘৰ ৰে’লৱে নেটৱৰ্ক নিৰ্মাণ কৰা হ’ব বুলিও উল্লেখ কৰে ৰে’ল মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : জি এছ টি সংগ্ৰহে ভৰালে চৰকাৰী কোষাগাৰ… আগষ্ট মাহত অভিলেখ সংখ্যক সংগ্ৰহ