শীঘ্ৰেই আৰম্ভ হ’ব ‘ইণ্ডিয়ান আইডল’ৰ নতুন ছিজন

সংগীতপ্ৰেমীৰ বাবে ভাল খবৰ : শীঘ্ৰেই আৰম্ভ হ’ব ‘ইণ্ডিয়ান আইডল’ৰ নতুন ছিজন

শীঘ্ৰেই আৰম্ভ হ’ব ‘ইণ্ডিয়ান আইডল’ৰ নতুন ছিজন টেলিভিছনৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটি শ্ব’ হৈছে ইণ্ডিয়ান আইডল । সংগীতপ্ৰেমীৰ বাবে এটা ভাল খবৰ । “ইণ্ডিয়ান আইডল”ৰ ১৬ সংখ্যক ছিজনৰ প্ৰথম প্ৰমো মুকলি কৰা হৈছে । নতুন থিমৰ সৈতে শীঘ্ৰেই টেলিভিছনলৈ আহি আছে এই জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ।

শীঘ্ৰেই আৰম্ভ হ’ব ‘ইণ্ডিয়ান আইডল’ৰ নতুন ছিজন

টেলিভিছনৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটি শ্ব’ হৈছে ইণ্ডিয়ান আইডল । সংগীতপ্ৰেমীৰ বাবে এটা ভাল খবৰ । “ইণ্ডিয়ান আইডল”ৰ ১৬ সংখ্যক ছিজনৰ প্ৰথম প্ৰমো মুকলি কৰা হৈছে । নতুন থিমৰ সৈতে শীঘ্ৰেই টেলিভিছনলৈ আহি আছে এই জনপ্ৰিয় ৰিয়েলিটি শ্ব’ । এইবাৰৰ থিম “য়াডন কি প্লেলিষ্ট” ।

২০২৫ চনৰ ১৮ অক্টোবৰত চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনত প্ৰিমিয়াৰ হ’ব শ্ব’টোৰ নতুন ছিজন । চনী লিভতো ষ্ট্ৰীমিং হ’ব জনপ্ৰিয় এই অনুষ্ঠান । ইতিমধ্যে এই শ্ব’ৰ শেহতীয়া প্ৰমো মুকলি কৰিছে নিৰ্মাতাই ।

এইবাৰ নিৰ্মাতাই শ্ব’টোৰ থিম “য়াদ কি প্লেলিষ্ট” হিচাপে বাছি লৈছে । অৰ্থাৎ এই অনুষ্ঠানত পুৰণি গীতক বৰ্তমানৰ সৈতে সংযোগ কৰাত গুৰুত্ব দিয়া হ’ব । এই ছিজনটো হ’ব আৱেগ, স্মৃতি, আৰু অবিশ্বাস্য প্ৰতিভাৰ এক ৰোমাঞ্চকৰ যাত্ৰা ।

চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ ইনষ্টাগ্ৰাম হেণ্ডলত পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “১৮ অক্টোবৰৰ পৰা নিশা ৮ বজাৰ পৰা ইণ্ডিয়ান আইডল চাওক । য়াডন কি প্লেলিষ্ট, নতুন ছিজন আহি আছে ।”

শ্ব’টোৰ বিচাৰকৰ হিচাবে ভাৰতীয় সংগীত জগতৰ তিনিটা বিখ্যাত নাম নিৰ্বাচিত কৰা হৈছে । বিচাৰক হিচাবে বিশাল দাদলানি, শ্ৰেয়া ঘোষাল আৰু ৰেপাৰ বাদশ্বাহ থাকিব, যিয়ে প্ৰতিযোগীসকলৰ যাত্ৰাক গঢ় দিব । পুৰণি গীতসমূহো নতুন শৈলীত উপস্থাপন কৰিব ।

লগতে পঢ়ক : ৮টা ভাষাত মুক্তি পাব দক্ষিণ ভাৰতৰ এইখন ছবি; মুকলি কৰিলে পোষ্টাৰ