ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে

ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে; জনালে ৰুছ বিদেশ মন্ত্ৰীয়ে

ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে ভাৰত-ৰাছিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য ঘোষণা কৰে । তেওঁ উল্লেখ কৰে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ডিচেম্বৰ মাহত নতুন দিল্লী ভ্ৰমণৰ পৰিকল্পনা কৰিছে । আমেৰিকাৰ নিষেধাজ্ঞাৰ

ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে ভাৰত-ৰাছিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য ঘোষণা কৰে । তেওঁ উল্লেখ কৰে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ডিচেম্বৰ মাহত নতুন দিল্লী ভ্ৰমণৰ পৰিকল্পনা কৰিছে । আমেৰিকাৰ নিষেধাজ্ঞাৰ মাজতে ভাৰতৰ স্বতন্ত্ৰ নীতিক প্ৰশংসা কৰি লাভৰভে ভাৰতৰ দ্বিপাক্ষিক কাৰ্যসূচীক ব্যাপক বুলি অভিহিত কৰে য’ত বাণিজ্য, সামৰিক সহযোগিতা, এ আই, ব্ৰিকছৰ দৰে মঞ্চত সমন্বয় অন্তৰ্ভূক্ত আছে ।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰে যে ডিচেম্বৰত ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা আছে । এই ভ্ৰমণ দুয়োখন দেশৰ বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অনুসৰণ হ’ব পাৰে । এই উচ্চ পৰ্যায়ৰ ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কক এক নতুন দিশ প্ৰদান কৰাৰ লগতে কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব । এই ভ্ৰমণ ইউক্ৰেইন সংকটৰ পিছত পুটিনৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ হ’ব, যিয়ে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব ।

আনহাতে লাভৰভে ভাৰতক এখন স্বাভিমানী দেশ বুলি অভিহিত কৰে যিখন বৈদেশিক নীতিত স্বাধীন । লাভৰভে লগতে কয় যে তেওঁৰ সমকক্ষ জয়শংকৰে এই বছৰ ৰাছিয়া ভ্ৰমণ কৰিব আৰু তেওঁ নিজেই ভাৰত ভ্ৰমণ কৰিব । তেওঁ লগতে কয় যে দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ আদান-প্ৰদান চলি থাকে ।

লগতে পঢ়ক : ট্ৰাম্পৰ হেলিকপ্টাৰৰ জৰুৰীকালীন অৱতৰণ; লণ্ডনৰ পৰা উভতি অহাৰ সময়তে যান্ত্ৰিক বিজুতি

শেহতীয়া প্ৰৱন্ধসমূহ