মহিলা ক্ৰিকেট বিশ্বকাপ
৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মহিলা ক্ৰিকেট বিশ্বকাপ । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচৰ লগতে অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান । এই উদ্বোধনী অনুষ্ঠান উৎসৰ্গিত হ’ব অসমীয়া হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ নামত ।
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি-
বি চি চি আইৰ সচিব দেবজিৎ শইকীয়াই জনাই যে মহিলা বিশ্বকাপৰ প্ৰথমখন মেচৰ পূৰ্বে উদ্বোধনী অনুষ্ঠান জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ’ব । ৪০ মিনিট সময় চলিব এই উদ্বোধনী অনুষ্ঠান ।
শইকীয়াই উল্লেখ কৰে যে অসম ক্ৰিকেট সন্থা আৰু বি চি চি আইয়ে একেলগে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে । বি চি চি আইৰ সচিবগৰাকীয়ে উল্লেখ কৰে যে জুবিনৰ স্মৃতিত ৪০ মিনিটৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব আৰু সম্ভৱতঃ এয়া ক্ৰিকেট জগতৰ পৰা জুবিন গাৰ্গক জনোৱা সৰ্ববৃহৎ শ্ৰদ্ধাঞ্জলি হ’ব । তেওঁ লগতে কয় যে এই প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছৰ পিছত বিৰতিৰ সময়ত শ্ৰেয়া ঘোষালেও অনুষ্ঠান পৰিৱেশন কৰিব ।
প্ৰথমে আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠান হোৱাৰ কথা আছিল যদিও জুবিন গাৰ্গৰ মৃত্যুৰ বাবে এতিয়া অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান ।
ইফালে এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ বাবে জুবিন অনুৰাগীক ৫ হাজাৰ টিকট বিনামূলীয়াকৈ অসম ক্ৰিকেট সন্থাই বিতৰণ কৰিব । এই কথা জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে । নেহৰু ষ্টেডিয়ামৰ পৰা জুবিন অনুৰাগীসকলে টিকট সংগ্ৰহ কৰিব পাৰিব বুলি জনাই তে্ওঁ ।
উল্লেখ্য যে, ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ৩০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’বলগীয়া বিশ্বকাপ প্ৰতিযোগিতাত খিতাপ জয়ৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলোৱাৰ উদ্দেশ্যৰে খেলপথাৰত নামিব ।
এইবাৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হৈছে মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ । ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব । ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব ।
ভাৰতে এতিয়ালৈকে মহিলা ক্ৰিকেট বিশ্বকাপ জয় কৰিব পৰা নাই যদিও এইবাৰ এই ট্ৰফী জয়ৰ বাবে ভাৰত শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে । পূৰ্বে গুৱাহাটীত আই চি চি (পুৰুষ) বিশ্বকাপৰ অনুশীলন মেচ অনুষ্ঠিত হৈছিল । প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা আৰম্ভ হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ । উদ্বোধনী মেচ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক : এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ? জানক ভাৰতৰ পৰিসংখ্যা









