BSNL

প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ উপহাৰ; সমগ্ৰ ভাৰতত আৰম্ভ হ’ল BSNL 4G সেৱা

সমগ্ৰ ভাৰতত আৰম্ভ হ’ল BSNL 4G সেৱা BSNL ৰ 4G সেৱা মুকলি কৰি দেশক ডাঙৰ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰত সঞ্চাৰ নিগম লিমিটেড( BSNL)ৰ ৪জি সেৱাই এতিয়া দেশৰ প্রতিখন ৰাজ্যতে প্রৱেশ কৰিছে৷ ইয়াৰ পূৰ্বে দেশৰ বিভিন্ন টেলিকম চক্ৰত BSNLৰ ৪জি সেৱা মুকলি কৰা হৈছিল। বিএছএনএলৰ

সমগ্ৰ ভাৰতত আৰম্ভ হ’ল BSNL 4G সেৱা

BSNL ৰ 4G সেৱা মুকলি কৰি দেশক ডাঙৰ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰত সঞ্চাৰ নিগম লিমিটেড( BSNL)ৰ ৪জি সেৱাই এতিয়া দেশৰ প্রতিখন ৰাজ্যতে প্রৱেশ কৰিছে৷

ইয়াৰ পূৰ্বে দেশৰ বিভিন্ন টেলিকম চক্ৰত BSNLৰ ৪জি সেৱা মুকলি কৰা হৈছিল। বিএছএনএলৰ ৪জি নেটৱৰ্ক একেলগে ৯৮ হাজাৰ ছাইটত ৰোল আউট কৰা হৈছে।

বিএছএনএলৰ ৪জি সেৱা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ লগে লগে এতিয়া সকলো টেলিকম কোম্পানীয়ে ৪জি নেটৱৰ্কেৰে সজ্জিত হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে ওড়িশাৰ ঝাৰসুগুডাৰ পৰা আন আন প্ৰকল্পৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰিও বিএছএনএলে ৫জি সেৱাৰ ওপৰতো কাম কৰি আছে।

বছৰৰ শেষৰ ফালে চৰকাৰী টেলিকম কোম্পানীটোৱে দিল্লী, মুম্বাইৰ দৰে মহানগৰত ৫জি সেৱা আৰম্ভ কৰিব পাৰিব। কোম্পানীটোৰ এজন জ্যেষ্ঠ বিষয়াই এই তথ্য দিছে।

কালি ২৬ ছেপ্টেম্বৰত বি এছ এন এলে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বিএছএনএলৰ ৯৮ হাজাৰ ৪জি/৫জি মোবাইল টাৱাৰ স্থাপনৰ কথা কৈছিল।

আগন্তুক সময়ত কোম্পানীটোৱে আৰু ৯৭,৫০০ নতুন মোবাইল টাৱাৰ স্থাপন কৰিব যাতে ব্যৱহাৰকাৰীয়ে উন্নত সংযোগ লাভ কৰিব পাৰে।

লগতে পঢ়ক: ইউটিউবে মুকলি কৰিলে নতুন এআই ফিচাৰ;  নিষিদ্ধ কৰা হ’ব প্ৰাপ্তবয়স্কৰ বিষয়বস্তু