শিমলুগুৰি

শিমলুগুৰিৰ আৰক্ষী থানাত উঠিছে টকাৰ উজান ; টকা গণি ভাগৰি পৰিছে আৰক্ষী

শিমলুগুৰিৰ আৰক্ষী থানাত উঠিছে টকাৰ উজান নাজিৰাৰ শিমলুগুৰি থানাত টকা আৰু টকা।টকা গণি গণি শেষ কৰিব পৰা নাই আৰক্ষীয়ে। হাতেৰে টকা গণি শেষ কৰিব নোৱাৰি অৱশেষত মেচিন ব্যৱহাৰ কৰিছে আৰক্ষীয়ে । দৰাচলতে শুক্ৰবাৰে পুৱা শিমলুগুৰি নগৰৰ বজাৰ তিনিআলিৰ বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা

শিমলুগুৰিৰ আৰক্ষী থানাত উঠিছে টকাৰ উজান

নাজিৰাৰ শিমলুগুৰি থানাত টকা আৰু টকা।টকা গণি গণি শেষ কৰিব পৰা নাই আৰক্ষীয়ে। হাতেৰে টকা গণি শেষ কৰিব নোৱাৰি অৱশেষত মেচিন ব্যৱহাৰ কৰিছে আৰক্ষীয়ে ।

দৰাচলতে শুক্ৰবাৰে পুৱা শিমলুগুৰি নগৰৰ বজাৰ তিনিআলিৰ বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা  ৪০ লাখ টকা অন্তৰ্ধান হৈছিল ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ কৰ্মচাৰী জ্ঞানেন্দ্ৰ আৰু এজন অচিনাকি ব্যক্তিয়ে চিনেমা কায়দাৰে চুৰি কৰিলে এই টকা সমূহ।

পৰৰ্ৱতী সময়ত ব্যৱসায়ী বিকাশ কুমাৰে শিমলুগুৰি আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীয়ে অভিযান চলাই ব্যৱসায়ী গৰাকীৰ গাড়ী চালক বিতু গগৈক আটক কৰাৰ পিছতেই ৪০লাখ টকাৰ চুৰি ঘটনা পোহৰলৈ আহে৷

জানিব পৰা মতে ব্যৱসায়ীজনৰ কৰ্মচাৰী জ্ঞানেন্দ্ৰ আৰু অচিনাকি ব্যক্তি এগৰাকীয়ে ৪০লাখ টকা চুৰ কৰি তাৰে ১৪লাখ ৭৩হাজাৰ টকা চালক বিতু গগৈক দিছিল।

বিতু গগৈয়ে সেই টকা ঘৰৰ ওচৰৰে এখন জংঘলত লুকুৱাই থৈছিল৷আৰক্ষীয়ে ইতিমধ্যেই এই ১৪লাখ ৭৩হাজাৰ টকা উদ্ধাৰ কৰিছে যদিও বাকী টকা বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷আৰক্ষীয়ে জ্ঞানেন্দ্ৰ আৰু আনজন ব্যক্তিক বিচাৰি বৰ্তমানেও অব্যাহত ৰাখিছে অনুসন্ধান ।

লগতে পঢ়ক: সদৌ অসম উকীল সন্থাৰ ডাঙৰ সিদ্ধান্ত; জুবিনৰ মৃত্যুৰ অভিযুক্তৰ নলয় গোচৰ অধিবক্তাই

শেহতীয়া প্ৰৱন্ধসমূহ