নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কম্পিউটাৰত শূন্য হৈ পৰিল ঐতিহাসিক দেওধাই পুখুৰীৰ জমি : নিৰ্বিকাৰ টাই আহোম জনগোষ্ঠীয় সংগঠন

সংৰক্ষণৰ অভাৱত নিশ্চিহ্ন হোৱাৰ পথত ঐতিহাসিক দেওধাই পুখুৰী । নাজিৰা নগৰৰ মধ্যস্থলতে থকা দেওধাই পুখুৰীটো বৰ্তমান লুপ্তপ্ৰায় হৈ পৰিছে ৷

আহোম স্বৰ্গদেউসকলৰ দিনৰ ঐতিহাসিক পুখুৰীসমূহৰ অন্যতম নাজিৰা নগৰৰ মধ্যস্থলত থকা দেওধাই পুখুৰী বৰ্তমান লুপ্তপ্ৰায় হৈ পৰিছে ৷ আজিও পুৰাতত্ত্ব বিভাগ তথা চৰকাৰৰ  দৃষ্টিত নপৰা এই ঐতিহাসিক দেওধাই পুখুৰীটো সংৰক্ষণৰ অভাৱত এতিয়া নিশ্চিহ্ন হোৱাৰ পথত।

আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা নাতিদূৰৈৰ দিখৌ নদীৰ দক্ষিণ পাৰত তথা পৰৱৰ্তী সময়ৰ ধোদৰ আলি আৰু ৰে’ল লাইনৰ মাজত থকা ঐতিহাসিক দেওধাই পুখুৰীটো আহোমৰ তিনি খেলৰ পুৰোহিত দেওধাই খেলক সেই স্থানতে থাকিবলৈ দিয়া হৈছিল আৰু তেওঁলোকৰ সুবিধাৰ্থে ৰজাই এই পুখুৰী খন্দাই দিছিল ৷ অসমত থকা আহোম ৰাজত্ব কালৰ পুখুৰীসমূহৰ মাজত দেওধাইসকলৰ নামত কেৱল নাজিৰাতহে দেওধাই পুখুৰী  থকাৰ কথা বুৰঞ্জীত  পোৱা যায় । এই পুখুৰীটো কেৱল পুৰোহিতসকলৰেই গৌৰৱ আৰু গৰিমাৰ প্ৰতীক নহয়, ই সমগ্ৰ অসমীয়া জাতিৰ এক ঐতিহাসিক সমল ৷

আজি নাজিৰাৰ দেওধাই পুখুৰীৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে ৷ বহু লোকে পুখুৰীৰ মাটি বেদখল কৰাৰ উপৰি সমীপৰ বহু লোকে বৰ্জিত আৱৰ্জনা পেলোৱা ডাষ্টবিনৰূপে ব্যৱহাৰ কৰা পুখুৰীটো বৰ্তমান দুৰ্গন্ধময় পৰিৱেশত পিটনিসদৃশ হৈ পৰাত বিভিন্ন অপতৃণে পুখুৰীটো পুতি পেলাইছে ৷ কেৱল পুখুৰীটোলৈ যোৱা পথটোৰ নাম পুৰোহিতসকলৰ নামেৰে “দেওধাই” পথ বুলি নামকৰণ কৰিয়েই দায়িত্ব সামৰিছে সংশ্লিষ্ট বিভাগ তথা চৰকাৰে ৷ সময় থাকোঁতে এই পুখুৰীটো সংৰক্ষণ নকৰিলে হয়তো এদিন এই পুখুৰী নিশ্চিহ্ন হৈ বুৰঞ্জীৰ এক সোণালী অধ্যায়ৰ যৱনিকা পৰাৰ লগতে নোহোৱা হ’ব ইয়াক লৈ সৃষ্টি হোৱা বহু জনশ্ৰুতি  ৷ গতিকে সময় থাকোঁতেই চৰকাৰ তথা পুৰাতত্ত্ব বিভাগে এই ঐতিহাসিক সমল সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত৷

স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত (১৭৮০-১৭৯৫) নাজিৰাৰ মধ্যস্থলত থকা দেওধাই পুখুৰী খন্দোৱাইছিল ৷ ইতিহাসপ্ৰেমী ব্যক্তি দ্বীপজ্যোতি বৰগোহাঁইৰ মতে, এই ঐতিহাসিক পুখুৰীটোৰ পাৰত ঘৰৰ খুঁটা পুতিবৰ বাবে গাঁত খান্দোতে ভগ্ন ৰূপত বহু ঐতিহাসিক সমল উদ্ধাৰ হৈছিল বুলি স্থানীয় লোকে তেওঁক অৱগত কৰিছিল ৷

আনহাতে, এই দেওধাই পুখুৰীৰ ভূমি সন্দৰ্ভত নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰা এক আৰ টি আই আবেদনৰ প্ৰত্যুত্তৰত বিভাগটোৱে জনায় যে লাট মণ্ডলৰ প্ৰতিবেদন মৰ্মে কাৰ্যালয়ৰ হাতৰ নথিত উক্ত পুখুৰীৰ মাটিৰ পৰিমাণ ২ বিঘা ১৪ লেচা আছিল যদিও বিভাগৰ কম্পিউটাৰত জমি শূন্য হৈ থকা দেখা যায়৷ সংৰক্ষণৰ অভাৱত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱা এই ঐতিহাসিক পুখুৰীৰ ভূমিৰ তথ্যও অৱশেষত ৰাজহ বিভাগৰ কম্পিউটাৰত নথকা কাৰ্যই এনে ঐতিহাসিক সমলৰ প্ৰতি চৰকাৰী অৱহেলাকেই প্ৰতিফলিত কৰিছে৷ এই সন্দৰ্ভত  সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু), সদৌ টাই আহোম যুৱ পৰিষদ, টাইপা, বীৰ লাচিত সেনা,  অসম আদি সংগঠনসমূহ নীৰৱ-নিৰ্বিকাৰ হৈ থকাটো চৰম পৰিতাপৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু : চার্জশ্বীটৰ প্রতিলিপি বিচাৰি তিনি শতাধিকৰ আবেদন

নাজিৰা সমজিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ বিতৰণ

নাজিৰা মহাবিদ্যালয় খেলপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ নিৰ্বাচিত হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ অনুমোদন পত্ৰ প্ৰদান ।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আজি নাজিৰা মহাবিদ্যালয় খেলপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ নিৰ্বাচিত হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয় ।

সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিনিধি জিন্টি ৰাজকুমাৰী, নাজিৰা আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰ ক্ৰমে পৰিণীতা শইকীয়া, আশাবন্তি বদ্ৰা, নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সহকাৰী সম্পাদক বিজয় চন্দ্ৰ বৰা, ত্ৰিবেণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসপ্ৰাপ্ত শিক্ষক নৰেন গগৈ, বিশিষ্ট সমাজ কৰ্মী তৰুণ চন্দ্ৰ গগৈ ।

আজিৰ এই সভাৰ শুভাৰম্ভণি কৰা হয় বন্তি প্ৰজ্বলনেৰে । ইয়াৰ পিছতেই নিৰ্বাচিত ১০গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় ।

উল্লেখ্য যে কামৰূপ জিলাৰ বকোস্থিত গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় । আজিৰ এই অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ দ্বাৰা নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ মুঠ ২৩৪৭গৰাকী হিতাধিকাৰী লাভাম্বিত হয় ।

এই অনুষ্ঠানত নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্তসকল অৰুণাভ সোণোৱাল, উপাসনা বৰা আৰু কল্যাণ জ্যোতি হাজৰিকা, নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ক্ৰমে অৰ্ণৱ ডেকা আৰু ৰাতুল গগৈ, তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, বিভাগৰ মুৰব্বী বিষয়া তথা কৰ্মচাৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়তৰ সদস্য, জ্যেষ্ঠ নাগৰিক, নাজিৰাৰ বিশিষ্ট ব্যক্তি, নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ হিতাধিকাৰীসকলৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে ।

লগতে পঢ়ক : ‘নিয়মীয়া বার্তা’ৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত কুমাৰ মজুমদাৰলৈ জাফা এচিভার্ছ বঁটা

শিমলুগুৰিৰ আৰক্ষী থানাত উঠিছে টকাৰ উজান ; টকা গণি ভাগৰি পৰিছে আৰক্ষী

শিমলুগুৰিৰ আৰক্ষী থানাত উঠিছে টকাৰ উজান

নাজিৰাৰ শিমলুগুৰি থানাত টকা আৰু টকা।টকা গণি গণি শেষ কৰিব পৰা নাই আৰক্ষীয়ে। হাতেৰে টকা গণি শেষ কৰিব নোৱাৰি অৱশেষত মেচিন ব্যৱহাৰ কৰিছে আৰক্ষীয়ে ।

দৰাচলতে শুক্ৰবাৰে পুৱা শিমলুগুৰি নগৰৰ বজাৰ তিনিআলিৰ বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা  ৪০ লাখ টকা অন্তৰ্ধান হৈছিল ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ কৰ্মচাৰী জ্ঞানেন্দ্ৰ আৰু এজন অচিনাকি ব্যক্তিয়ে চিনেমা কায়দাৰে চুৰি কৰিলে এই টকা সমূহ।

পৰৰ্ৱতী সময়ত ব্যৱসায়ী বিকাশ কুমাৰে শিমলুগুৰি আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীয়ে অভিযান চলাই ব্যৱসায়ী গৰাকীৰ গাড়ী চালক বিতু গগৈক আটক কৰাৰ পিছতেই ৪০লাখ টকাৰ চুৰি ঘটনা পোহৰলৈ আহে৷

জানিব পৰা মতে ব্যৱসায়ীজনৰ কৰ্মচাৰী জ্ঞানেন্দ্ৰ আৰু অচিনাকি ব্যক্তি এগৰাকীয়ে ৪০লাখ টকা চুৰ কৰি তাৰে ১৪লাখ ৭৩হাজাৰ টকা চালক বিতু গগৈক দিছিল।

বিতু গগৈয়ে সেই টকা ঘৰৰ ওচৰৰে এখন জংঘলত লুকুৱাই থৈছিল৷আৰক্ষীয়ে ইতিমধ্যেই এই ১৪লাখ ৭৩হাজাৰ টকা উদ্ধাৰ কৰিছে যদিও বাকী টকা বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷আৰক্ষীয়ে জ্ঞানেন্দ্ৰ আৰু আনজন ব্যক্তিক বিচাৰি বৰ্তমানেও অব্যাহত ৰাখিছে অনুসন্ধান ।

লগতে পঢ়ক: সদৌ অসম উকীল সন্থাৰ ডাঙৰ সিদ্ধান্ত; জুবিনৰ মৃত্যুৰ অভিযুক্তৰ নলয় গোচৰ অধিবক্তাই