বিহাৰ নিৰ্বাচনৰ পূৰ্বে ECৰ নতুন নিৰ্দেশনা
আগন্তুক সপ্তাহত বিহাৰত বিধানসভা নিৰ্বাচনত ভোটদান কৰা হ’ব।নিৰ্বাচন আয়োগে এতিয়াও ঘোষণা কৰা নাই তাৰিখ।
অৱশ্যে ভোটদানৰ তাৰিখ ঘোষণাৰ পূৰ্বে নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে।নিৰ্বাচনী আয়োগে বিহাৰৰ পৰা আৰম্ভ কৰিছে এক নতুন পৰীক্ষা,ইয়াৰ অধীনত ইভিএমৰ বেলট পেপাৰত এতিয়াৰে পৰা প্ৰাৰ্থীৰ ৰঙীন ফটো থাকিব।ইয়াৰ পূৰ্বে ফটোবোৰ ক’লা-বগা আছিল।
নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে,ইয়াৰ অধীনত এতিয়া ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ বেলট পেপাৰত প্ৰাৰ্থীৰ ফটো ৰঙীনভাৱে ছপা কৰা হ’ব।এই পৰীক্ষাটো প্ৰথমে বিহাৰত কৰা হৈছে,পিছত আন ৰাজ্যতো ইয়াক কাৰ্যকৰী কৰা হ’ব।
নতুন পৰিৱৰ্তনৰ অধীনত প্ৰাৰ্থীৰ মুখখনে বেলট পেপাৰৰ তিনি চতুৰ্থাংশ দখল কৰিব।ইয়াৰ ফলত ভোটাৰক চিনাক্ত কৰাত সহজ হ’ব।
ইয়াৰ উপৰিও ক্ৰমিক নম্বৰটোকো আগৰ তুলনাত অধিক প্ৰাধান্য দিয়া হ’ব।ইয়াৰ দ্বাৰা নিৰ্বাচনত স্বচ্ছতা বৃদ্ধিৰ লগতে ভোটাৰৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই নতুন পৰিৱৰ্তনে নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক গণতান্ত্ৰিক কৰি তুলিব,নিৰ্বাচনক ন্যায্য আৰু সহজ কৰি তোলাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।