দিল্লী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ক ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকিৰ খবৰ পোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।মেইলত কোনো নিৰ্দিষ্ট স্থানৰ কথা উল্লেখ কৰা হোৱা নাই,কিন্তু ইয়াত আদালতৰ চৌহদৰ কথা উল্লেখ কৰা হৈছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি,কিছুসময়ৰ পূৰ্বে এই মেইলটো আহিছিল।ইয়াৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে সকলো ন্যায়াধীশক আদালতৰ বাহিৰলৈ পঠিওৱা হয় আৰু অধিবক্তা আৰু কৰ্মচাৰীসকলক তৎক্ষণাত আদালতৰ চৌহদ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
এই তথ্য পোৱাৰ লগে লগেই বোমা স্কোয়াড আৰু দিল্লী আৰক্ষীৰ দল উচ্চ ন্যায়ালয়ত উপস্থিত হয়।সমগ্ৰ চৌহদত পুংখানুপুংখভাৱে তালাচী চলোৱা হৈছে।আৰক্ষীয়ে জনোৱা মতে, সম্ভাৱ্য বিপদৰ পৰা হাত সাৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
Post Views: 56