দৈনিক এইটো ফল খালে শৰীৰত বৃদ্ধি পায় ভিটামিন চি
ভিটামিন চি হৈছে শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান।ই ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰে,ছালত কলাজেন সৃষ্টি কৰে যিয়ে ছালখনক সৰু কৰি ৰাখে আৰু ই ফিট হৈ থকাত সহায় কৰাৰ লগতে ই শৰীৰৰ সকলো অংগক বহু প্ৰকাৰে উপকাৰ কৰে।
আমাৰ দৈনন্দিন খাদ্য তালিকাত এনেকুৱা বহু খাদ্য আছে যিয়ে শৰীৰক ভিটামিন চি দিয়ে। মৌচুমী হৈছে এনে এটা ফল যিয়ে আপোনাৰ দৈনিক ভিটামিন চিৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।
মৌচুমী ভিটামিন চিৰ শক্তিশালী ফল বুলি জনা যায়।এইবিধ ফল কেৱল সোৱাদ যুক্তই নহয়, পুষ্টিকৰ উপাদানৰে সমৃদ্ধ।
এটা মৌচুমীয়ে আপোনাৰ দৈনিক ভিটামিন চিৰ প্ৰয়োজনীয়তাৰ এক বৃহৎ অংশ পূৰণ কৰিব পাৰে।এটা মজলীয়া আকাৰৰ মৌচুমীত প্ৰায় ৭০ৰ পৰা ৮০ মিলিগ্ৰাম ভিটামিন চি পোৱা যায়।যিটো দৈনিক প্ৰয়োজনৰ প্ৰায় ৮০ৰ পৰা ৯০ শতাংশ।
প্ৰতিদিনে মাত্ৰ এটা মৌচুমীয়ে আপোনাৰ শৰীৰত ভিটামিন চিৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে।ইয়াৰ ফলত আপোনাৰ ছালৰ স্থিতিস্থাপকতাৰ লগতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও প্ৰচণ্ডভাৱে বৃদ্ধি পায়।
ভিটামিন চিয়ে শ্বেত ৰক্তকণিকা উৎপাদন বৃদ্ধি কৰে যিয়ে সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।মৌচুমীত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিটো কলাজেন উৎপাদনৰ বাবে অতি প্ৰয়োজনীয়।কলাজেনে ছালখনক ডেকা আৰু সুস্থ কৰি ৰখাত সহায় কৰে।
লগতে পঢ়ক: ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা ভাল টোপনিলৈ…; ৰাতি হালধি দিয়া গাখীৰ খোৱাৰ উপকাৰিতা